শ্ৰমিক ভাই

Rinku Rajowar
0

শ্ৰমিক ভাই, শ্ৰমিক ভাই 

চাহপাত বোলে সকলোৱে ভাল পায়,

কি তাজ্জব এই দুনীয়া

নিমাখিত শ্ৰমিক ভাইসকলক 

কৰে উৎপীড়ন, কৰে নিন্দা।


নিৰাভৰণ দেহ, ৰ’দ বৰষুণত ঘামি-জামি

ঐকান্তিকভাৱে দিনে-নিশাই কৰে কষ্ট

তথাপি এনে উৎপীড়নৰ পৰা নাই পৰিত্ৰাণ,

চাহ শ্ৰমিকৰ অযুত যুগৰ নিযুত গাথা

ইতিহাস হৈ ৰৈ যাব এই কাহিনী যুগমীয়া

উত্ৰাৱল, মোদন এই চাৰিদিনীয়া জীৱন

বিবৰ্ণ মুখখনিত আছে অশ্ৰুতীৰ্থ নয়ন

সৌভাগ্য নহয় দুবেলা পৰিতৃপ্তি প্ৰাশন।


আজিৰ এই শ্ৰমিক ভাই -

আমাৰ অসম, ভাৰতৰ গৌৰৱ

যদি দিব পৰা নাই সন্মান, শ্ৰদ্ধা

তেন্তে নালাগে দিব লাঞ্ছনা, তিৰস্কাৰ

নালাগে কৰিব সমাজৰ পৰা বিপ্ৰলম্ভ

নিজৰ প্ৰাপ্য ধন নাপালেও 

নিজৰ মোকামত থাকে শান্তি।

শ্ৰমিক ভাইসকলৰ জীৱনত আহিব কি প্ৰমাদ

প্ৰমাদতকৈ ভীষণ প্ৰমাদ সমাজৰ ককৰ্থনা

শ্ৰমিক ভাইসকলৰ নাই কোনো প্ৰহৰণ

সকলোৰে মাজত চেনেহ-প্ৰীতি সেয়াই ভীষণ প্ৰহৰণ

আকাশ, দিবাকৰ, মহাসিন্ধু, ধৰিত্ৰী, পৰ্বতৰ 

যেনে আছে নিজস্ব অস্তিত্ব

তেনে আছে অস্তিত্ব শ্ৰমিক ভাইসকলৰ।


কথাতে কথা কয় –

“যি জাতিৰ নাই অস্তিত্ব 

সেই জাতিৰ নাই ইতিহাস”

তেনে জাতি আছে জানো 

যি জাতিৰ নাই কোনো অস্তিত্ব, নাই কোনো ইতিহাস।

উদয় হয় এই শ্ৰমিকসকল তাৰ সন্মুখত

যিয়ে জানে শ্ৰমিকসকলৰ অস্তিত্ব, ইতিহাস।


সদায় থাকে মালিকৰ তলতীয়া হৈ

সকলোৱে কয় নুশুনে মালিকৰ উদণ্ড

ঐচ্ছিক বুলিবলে একোৱেই নাই শ্ৰমিক ভাইসকলৰ

আজি যদি নাথাকে এই শ্ৰমিক ভাইসকল

থাকিব নে সেউজীয়া চাহগছ সম্পদ অসম, ভাৰতৰ?

যদি নাজানে এই শ্ৰমিকসকলৰ জীৱন কৰুণ গাথা

চেষ্টা কৰা জানিবলৈ, নহ’লে কৰা সন্মান, তিৰস্কাৰ নহয়।

📝 শিৱাংগী


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)