অসহ্য যন্ত্ৰণা

©Admin
0

কিমান আৰু দুখৰ বোজা কঢ়িয়াম
অ' মোৰ বুকুৰ কুটুম 
তই ভাঙি ছিঙি দিলি মোৰ জীৱনৰ ৰঙীণ সপোন ।
কাঠচিতিয়া হৃদয়খনৰ বাবে কটালো বহু উজাগৰী নিশা 
ৰঙীণ সপোনবোৰে সেয়েহে নিদিয়ে দেখা ।

হেৰৌ মোৰ বুকুৰ কুটুম 
নবজাবি তোৰ খংত শিঙা
যত আছে দেহত অংগ সকলো কঁপিব ধৰে
উশাহো বন্ধ হব খোজে 
আতৰি যায় আতোলতোল সপোন।
                 তোৰ কাঠচিতিয়া হৃদয়ৰ বাবে 
পিৰালিয়ে পিৰালিয়ে কটালো যত উজাগৰী নিশা 
সময়ে  দিছে সকিয়াই এইয়া যে মোৰ উভতনি যাত্ৰা ।

তোৰ মাজতেই দেখিছিলো সেই নৰ পিশাচৰ কামনাৰ জুই - - - - 
    চকুলোবোৰ নিগৰাই কাষতে যে মইয়ে আছিলো শুই।
শুন হেৰৌ কাঠচিতিয়া নিৰ্দয় নৰপিশাচ প্ৰাণী 
নাৰীৰ হৃদয় সদায়ে মমতাময়ী ।

কত নাৰী আতৰি যায় কতই প্ৰাণ দিয়ে আহুতি 
পুৰুষৰ বৰ্বৰতাৰ বলি সহস্ৰ নাৰী 
সেই নাৰীয়ে জানো তোৰ কন্যা নহয় 
হবওতো পাৰে মাতৃ অথবা ভগ্নী ।

হে মোৰ হৃদয়ৰ মন্দিৰৰ দেৱতা
মোক সত্যৰ সন্ধান দিব উদ্ধাৰ কৰা
ৰক্ষা কৰা অসুৰৰ কবলৰ পৰা 
   পৃথিৱীলৈ আৰু ইয়াম দুৰ্বল কৰি নপথাবা ।
নাৰী  সৃষ্টিকাৰিণী ,নাৰীয়েই  মহিকাষুৰমৰ্দিনী
তথাপিও নাৰী আজি কিয় অপমানী ?
   কিয় অপমানী ?

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)