ব'হাগৰ আদৰণি

©Admin
0

বাৰীৰ ঢাপৰ নাহৰজোপাত
মাজ নিশা কিহে জানো বিনালে ৷
সুৱদী সুৰুয়া
চিনাকি অমাতৰ মাত ৷

প্ৰাতঃ ভ্ৰমণ কালত
বৰ্হমথুৰিৰ আঁৰতো
সেই একেই অমীয়া সুৰ
হিয়া জুৰুৱা ৷

তগৰ জোপাৰ ডালত
শ্যামল পাতৰ ওৰণি গুচুৱা
মিচিকিয়া হাঁহি
বাহাকাৰো সময়ৰ ওলগনি |
গছে গছে কুঁহিপাতৰ হাঁহি
মাকোৰ খিটখিটনি
শিপিনীৰো তত নাই গাত ৷

তাৰমানে মোৰ অলসিতে
প্ৰকৃতিলৈ আহিল ব'হাগ
এয়া যে
বাপতি সাহোন 
জাতিৰ আয়ুস ৰেখা
কিমান যে আয়োজন
ব'হাগক আদৰাৰ  |

 📝হেমেন হাজৰিকা
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)