ধূসৰ

©Admin
0

হয়তো সমস্ত ত্যাগ 
হেৰুৱাই পেলাইছো
নাইবা ত্যাগে মোক 
হেৰুৱাই পেলাইছে
হয়তো প্ৰাপ্তি-অপ্ৰাপ্তিবোৰ 
হেৰুৱাই পেলাইছো
অথবা প্ৰাপ্তি-অপ্ৰাপ্তিবোৰে মোক হেৰুৱাই পেলাইছে
হয়তো সমস্ত সুখ-দুখবোৰ হেৰুৱাই পেলাইছো
নাইবা সুখ-দুখে মোক হেৰুৱাই পেলাইছে
হয়তো সমস্ত আপোন সকল হেৰুৱাই পেলাইছো
নাইবা আপোন সকলে মোক
হেৰুৱাই পেলাইছে
হয়তো সমস্ত আশা-নিৰাশা
হেৰুৱাই পেলাইছো
অথবা আশা-নিৰাশাই মোক হেৰুৱাই পেলাইছে 
হয়তো সমস্ত অতীত 
হেৰুৱাই পেলাইছো
নাইবা অতীতে মোক 
হেৰুৱাই পেলাইছে 
তেনেকৈয়ে থাকচোন 
সমস্ত  ধূসৰতাৰ ধ্ৰুপদী লয়লাস 
কোনে বা কাক এৰি গ'ল !
শূন্যতাৰ ওজন জোখা
তুলাচনী বা ক'ত ?
দেহৰ আকৰ্ষণত
জীৱন বিৰোধী অণুজীৱৰ
সামূহিক প্ৰেম 
সপোনত ডাৱৰৰ সিপাৰে
ধুনীয়া দেশ ।

    📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)