বন্দী জীৱন

©Admin
0
আপুনি বৰ সুখৰ দিন
উপভোগ কৰিছে নহয়নে ?
নহয় ! এইয়া আপোনাৰ 
ভ্ৰান্ত ধাৰণা ডাঙৰীয়া ।
তেনেহলে এতিয়া আপোনাৰ
দুঃসময়ৰ ঘণ্টা বাজিছে ??
ওহোঁ নহয় !
এইয়াও আপোনাৰ 
ভ্ৰান্ত ধাৰণা ডাঙৰীয়া ।
শুনক -
ক্ৰিয়াৰ প্ৰতিক্ৰিয়া হোৱাদি
কেতিয়াবা সময়ৰ পার্থক্যবোৰে
মনৰ পাৰ্থক্যবোৰক 
ক্ষুদ্ৰ কৰি পেলাইছে
কেতিয়াবা বঢ়াই তুলিছে ।
ৰাস্তাত কেতিয়াবা 
মই আগলৈ
আৰু মানুহবোৰ পিছলৈ
কেতিয়াবা মানুহবোৰ আগলৈ
আৰু মই পিছলৈ 
আঁতৰি গৈছো ।
পোহৰত কেতিয়াবা
সময়বোৰ খেপিয়াই ফুৰো
কেতিয়াবা আন্ধাৰত ।
মোৰ কাষত থকা
মানুহৰ সংখ্যাও
সময়ে সময়ে বাঢ়িছে
সময়ে সময়ে  কমিছে ।
সপোনবোৰ কেতিয়াবা
লেতেৰা হয় 
কেতিয়াবা ধকধকীয়া বগা।
আবেগবোৰ কেতিয়াবা
ধূসৰ ধূসৰ
কেতিয়াবা স্বচ্ছ ।
বুজিছে !
সকলো ধৰণৰ তিতা-মিঠা
লগ লাগি তৈয়াৰ হৈছে
মাথো এটা ককটেইল ড্ৰিংক
Theory of relativityত বন্দী
আমাৰ জীৱন ।

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)