জিৰণী ঘৰৰ প্ৰেতাত্মা ( ভূতৰ কাহিনী -৪)

©Admin
0
এটা জিৰণী ঘৰ।
এদিন এজন মানুহে  এটা জিৰণী ঘৰত থাকিবলৈ আহিল । ৰাতি ভাত খাই উঠি শুবলৈ ললে । তেওঁ কোঠাত অকলে আছিল । ৰাতি অলপ অলপ টােপনি আহিব ধৰােতেই দেখিলে যে, ড্ৰেচিং আয়নাৰ টােলত বহি দীঘল চুলিৰ বগা কাপােৰ পৰিহিতা এজনী মাইকী মানুহে নিজৰ চুলিখিনি ফনিয়াই আছিল । মানুহজনে তাইক দেখি অলপ অসহায়বােধ কৰিলে আৰু সামান্যভাবে বিচলিত হল।
বগা কাপােৰ পৰিহিতা তিৰোতা গৰাকীয়ে তেওঁক কলে," আপুনি অলপাে ভয় নকৰিব । মই আপােনাৰ একাে অপকাৰ নকৰাে ।
আপুনি মাত্ৰ মােক এটা সহায় কৰি দিব লাগে ।
মানুহজনে কলে," কি সহায়?"
প্ৰেতাত্মা গৰাকীয়ে কলে," আজি সাত বছৰৰ আগতে মােৰ স্বামীয়ে মােক ফুৰাবলৈ লৈ আহিছিল এইখন ঠাইলৈ আৰু এইটাে কোঠাতে আছিলো । তেওঁ মােক  ৰাতি  মাৰি এইটাে কােঠাতে পুতি থৈ গৈছিল আৰু তেতিয়াৰ পৰা মােৰ আত্মা ইয়াতে আছে  আৰু মই ইয়াতে ৰৈ আছাে , কোনোৱা দিনা সুবিধা পালে মোৰ মনৰ কথা খিনি ক'ম। মােৰ অনুৰােধ আপুনি কাইলৈ এই কােঠাৰ মাজডােখৰ খান্দি চাব, মােৰ অৱশিষ্ট আপুনি উলিয়াই পেলাব আৰু এই কথা প্ৰচাৰ কৰি দিব , এয়াই মােৰ আপােনালৈ অনুৰােধ, তেতিয়া কোনেও নজনা কথাবােৰ প্ৰচাৰ হ'ব । আৰু এই কােঠাত এডাল দীঘল চুলি পাব এয়াই মােৰ অহা চিহ্ন ।
তেওঁৰ ৰাতি টােপনি নাহিল।
যেনেতেনে ৰাতিটাে  তেওঁ কটালে ।
পুৱা উঠি চুলিডাল ৰুমত সচাঁকৈ পালে । আৰু এই কথাখিনি  জিৰণী কােঠা পৰিচালনা কৰা মানুহজনক কৈ মজিয়াখন খন্দালে আৰু দীঘল চুলি আৰু মানুহৰ কংকাল পালে । এই কথা ৰাষ্ট্ৰ কৰি দিলে ।
সকলোৱে কথাখিনি জানিলে    যে তেওঁৰ বন্ধুৱেই বিয়া কৰােৱাৰ পাছত ফুৰাবলৈ লৈ আনিছিল আৰু   হত্যা কৰি পুতি থৈ গৈছিল ।

আৰু তাই বাট চাই আছিল কােনােবা সম্বন্ধ থকা মানুহ পালে এই কথা জনাম জনাম বুলি আৰু বন্ধুজনক পাই কথাতাে জনালে আৰু তাই তাৰপৰা মুক্ত হ,ল।

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)