আপুনি মোক কি বুলি ভাবে?

Rinku Rajowar
0
আনবোৰৰ দৰেই
আপুনিও মোক নিশ্চয় 
ভিক্ষাৰী বুলিয়েই ভাবে 
অজলা-অবলা, অনাথ আশ্ৰয়বিহীন ভাবি
হয়তো কেতিয়াবা 
শিলত বন গজাদি
মানৱতাত সেও মানি 
আপুনি মোৰ হাতত 
খুচুৰাৰ অজুহাতত দুটকা এটাৰ যোগান ধৰে
নতুবা গাড়ীৰ গ্লাচ বন্ধ কৰিয়েই 
মুখত কিবা আওৰাই  নিজৰ গতি আগবঢ়ায়....... 

হয় মই ভিক্ষাৰীয়েই
কিন্তু ভিক্ষাৰীৰ সংজ্ঞা মোৰ বাবে এতিয়া পৃথক 
দুবছৰ নহওতেই ঘাট- মাউৰা হৈ
ৰুগীয়া আইতাৰ হাতত 
ভিক্ষা খুজিব পৰাকৈ ডাঙৰ হোৱা 
ময়ো প্ৰথমে মৰমৰ ভিক্ষাৰীয়েই আছিলো...... 

কিন্তু,
মোৰ দুহাতত গুজিবলৈ যেতিয়া 
আপোনাৰ ওচৰত মৰমৰ অভাৱ অনুভৱ কৰিলো
মোক কিবা দিব লাগিব বুলি 
আপোনাৰ দামী গাড়ীখনৰ ক'লা গ্লাচখন
যেতিয়া খুলিব নোৱাৰিলে
বা ফুটপাথত হাতখন মেলোতেই
আপোনাৰ পৰা শুনা গালিতেই
মোৰ হৃদয়ৰ পৰা মৰমৰ ক্ষুধা নাইকিয়া হৈছিল।

এতিয়া আপুনি মোক যিয়েই নাভাবক
ভিকহু, নিলাজ অথবা 
আপোনাৰ যাত্ৰাপথৰ বাধা
এতিয়া মই কেৱল
পেটৰ তাড়নাতহে দুহাত মেলো
নিবিচাৰো আপোনাৰ পৰা মৰম
শুৱাপাটিত ভোকৰ তাড়নাত ছটফটাই থকা 
আইতাজনীক মই যেতিয়া কিবা এটা গুঁজি দিও
আইতাই জীৱন ঘুৰাই পোৱা যেন হয়...... 
তাৰ বাবে মই
যিমানেই কৰ্কথনা নুশুনো কিয়
যিমানেই দুৰ্ব্যবহাৰ নাপাওঁ কিয়
মই আপোনাৰ ওচৰত হাত পাতিবলৈ বাধ্য
কাৰণ আপোনাৰ ওচৰতেই
মোৰ আৰু আইতাৰ জীৱন সমৰ্পিত।

মাজতে কামৰো ভিক্ষা খুজিছিলো 
কিনো উত্তৰ আহিছিল
" তই মাৰ গাখীৰ খাই থাক যা
তইনো আমাৰ কি কামত আহিবি? "

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)