গোপন শব্দবোৰৰ কথাৰে

Rinku Rajowar
0
ৰিব ৰিব কৈ বলি থকা বতাহ জাক
মোৰ হৃদয় স্পৰ্শ কৰিছে
বাঢ়ি ঢাপৰ সৰু চাহ বাগিচা খনত
'ন'কুঁহি পাতে পাহি মেলিছে
সূৰ্য্যৰ ৰশ্মিৰ পোহৰত জিলিকণিৰ বিন্যাস বাঢ়িছে ক্ৰমান্বয়ে।

ৰিমঝিম বৰষুণৰ কোমল পৰশত 
লহপহকৈ বাঢ়িব ধৰিছে
'ন'কুঁহি পাতবোৰ
কেঁচা মাটিৰ গোন্ধই আজুৰি নিচে মোৰ হৃদয়।

ক্ষান্ত হৈ পৰিছে চৌপাশ
কুলিয়ে গছৰ ডালতে কৰিছে দুখৰ বিননি
কেতেকীয়ে কাতৰ হয় উচুপি আছে গছৰ ডালত।

কপৌ জোপা লহপহকৈ ডাঙৰ হৈ আহিছে
ব'হাগ অহাৰ বাতৰি পায়
বিভিন্ন গছে সলালে গছৰ পাত।

ঢোল পেপাৰ শব্দ আজি স্তদ্ধ
ওলাই অহা নাই নাচনী হাতত গগনা লৈ
ঢুলীয়াও নাই খোপাত কপৌফুল গুজি দিবলৈ।

ঢেঁকী ঢোলৰ শব্দই খলকনি কপাই তোলা গাওঁখন আজি একেবাৰেই শান্ত 
নাই কতো চৰাই চিৰিকটিৰ মাত।

জেতুকা বুলোৱা দুহাতত নাই
নাচনীৰ ৰং 
নাহৰে সলালে নাহৰৰ ৰং
তগৰে সলালে তগৰৰ ৰং ।।

📝কবি: অদিতী তাঁতী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)