সময়ৰ এপিটাফ

Rinku Rajowar
0
লকডাউনৰ ডায়েৰীত
কাৰ কথা লিখিম
গৃহবন্দীৰ মাজতো
নৃত্য-গীতৰ উপভোগত মাতাল
বিনোদনীসকলৰ নে
সুস্বাদু ব্যঞ্জনেৰে
এমুঠি অন্নৰ বাবে হাহাকাৰত
ক্ষুধাৰ্থসকলৰ
ভোকৰ হত্যা কৰা
কৃতজ্ঞতাকাৰীসকলৰ.....

কাৰ কথা লিখিলে
মোৰ ডায়েৰীৰ পৃষ্ঠাই 
প্ৰতিবাদৰ ঢৌ তুলিব
ধুমুহাৰ তাণ্ডৱত গৃহবন্দীৰ মাজতে
 গৃহহাৰা হোৱা সৌভাগ্যজনৰ
নে ক্ষুধাৰ তাড়নাত ক্ৰন্দিতসকলৰ
প্ৰাপ্য কাঢ়ি দুচকুত হাঁহিৰ মালা পিন্ধা
সেই অভাগাজনৰ......

সেই অকলশৰীয়া বৃদ্ধা আইগৰাকীৰ কথা
নিলিখিলে জানো
ডায়েৰীখনে পূৰ্ণতা পাব
যাৰ সন্তানে তেওঁৰ  বাবে সুখ কিনিব গৈ
নিজেই দুখৰ কোঠাত আবদ্ধ
নে সেই ভৱিষ্যতবোৰৰ কথা লিখিম
যাৰ সেউজীয়া সপোনক চুব পৰা নাই
একবিংশ শতিকাত উন্নয়ণৰ  শিখৰত
 জয়গানৰ শংখধ্বনি তোলা প্ৰযুক্তিবিদ্যাই।
 
জীৱন-মৃত্যুৰ হিচাপ কৰা
পৰিসংখ্যক জনৰ কথা লিখিম নে
ভোক আৰু জীৱনৰ ৰেখাৰে
মৃত্যুৰ ছৱি অঁকা শিল্পীজনৰ কথা লিখিম।

ডায়েৰীৰ পৃষ্ঠা উকা
খোদিত হ'ল সময়ৰ এপিটাফ......

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)