শ্ৰমিক

Rinku Rajowar
0
ঠিকনাবিহীন ভৱিষ্যতৰ সন্মুখলৈ ।
আগবাঢ়িছো দুৰ্ভগীয়া শ্ৰমিক মই।
হাড় ভঙা জীৱন পথৰ অন্তিম ক্ষণলৈ
এখোজ দুখোজ কৰি আগবাঢ়ি গৈছো।
এটি মাথো হুমুনিয়াহ দুখৰ দস্তাবেজ।
সেউজ দলিছা যেন ভাবি।
ভৰি দিলোহি দুৰ্গম অৰণ্যত ।
পাৰিম জানো  হব মুকলি ।
পাম জানো আশাৰ মুকুতাধাৰী।
নুবুজে কোনেও নকৰে আগ্ৰহ ।
মোৰ বিষয়ে জানিবলৈ ।
কৰ্তব্যৰ যদি সামৰণি পৰে ।
হৈ ৰম ঠিকনাবিহীন শ্ৰমিক মই।

📝মাৰলিন মুণ্ডা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)