আমাৰ বিহুটি

©Admin
0
শীতৰ শেষত বসন্ত আহিল 
বিৰিখে সলালে পাত, 
কুলিটিয়ে মাতিলে কুউ কুউ বুলি, 
ততে নাইকিয়া গাত।

ৰঙৰ বহাগীও আহিল সাজি কাচি  ৰঙতে বলিয়া হৈ, 
বিহুৰ আগমণিত অসম ভূমিত
চৌদিশে হৈ-চৈ।
ঢুলীয়া ককায়ে ঢোলটো বজালে, 
নাচনীয়ে জুৰিলে গীত, 
বিহুতলীত আজি ৰঙৰ মেলা 
আনন্দত নধৰে চিত।
তাঁতশাল শুৱনি জীয়ৰী বোৱাৰী,গামোচাত বুটা ফুল বাছে, 
বিহুৰে বতৰত আহিছে চেনাইধন
সাদৰে বিহুৱান যাচে ।

চিৰা পিঠা পনা,সান্দহৰ যোগাৰ, বিহুটি আহিলে আকৌ, 
আইতাই হাঁহিছে এপাক বিহু নাচিছে  মনযে থৌকি বাথৌ ।
ৰহদৈয়া নাচনী সাজি কাচি ওলালে দুহাতত জেতুকা লৈ, 
মুগাৰে সাজত জিলিকি উঠিছে ওৰকে নপৰে কৈ।
নামঘৰ,মন্দিৰত বন্তিগছি জ্বলিছে বছৰৰ বিহুটি বুলি, 
ৰাইজৰ পদূলিত হুঁচৰিয়ে জনায় আশিস 
গৃহস্থৰ মংগলধ্বনি তুলি।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
চেনেহে পৰশা মাকো, 
জাতীয় ঐক্যৰে মহিয়ান
আদৰৰ বিহুটি
 নেপাতি কেনেকৈ থাকো !!

 📝ৰীতামণি বৰদলৈ 
      গুৱাহাটী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)