আজিৰ আপোনাৰ দিনটো ১৪ এপ্ৰিল ২০২০

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১ বহাগ ,মঙ্গলবাৰ,ইং ১৪এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৭/৩২সূৰ্য্যাস্ত ঘ:৫/৩৯/১৩

ৰাশি - ধনু ৰাশি।
তিথি - কৃষ্ণা সপ্তমী।ৰা:ঘ: ৮/৪৮/৩৭লৈ।
নক্ষত্ৰ  - পূৰ্ব্বষাঢ়া ,ৰা:ঘ:২২/৩৯/১০ লৈ।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা - বাযু কোনত নাই। ৰা: ঘ: ৮/৪৮/৩৭ যোৱাত ঈশাণ কোনত নাই ।
যোগিনী -  বাযু কোনত । ৰা: ঘ: ৮/৪৮/৩৭ যোৱাত ঈশাণ কোনত ।
মৰণত দোষ - দ্বিপদ। ৰা:ঘ:৮/৪৮/৩৭ যোৱাত এপদ।
ভক্ষাভক্ষ্য - তাল, নাৰিকল।খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, ব্যৱসায়ত শুভ, আত্মীয়ৰ আগমন হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত আনন্দ বাঢ়িব, আত্মীয়ৰ আগমন হব , লগতে মানসিক অৱসাদ বৃদ্ধিৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম স্নেহ বাঢ়িব, আৰ্থলাভ হব যদিও কৰ্মত সজাগ নহলে ব্যৱসায়ত লোকছান আৰু মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, আত্মীয়ৰ আগমন হব, সুখ বাঢ়িব যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব, কৰ্মত সুযোগ লাভ কৰিব যদিও দেহ মনত আঘাট পাৱ পাৰে লগতে যান বাহনৰ পৰা সাৱধান হওক।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰসংশা বাঢ়িব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত মনৰ আশা পুৰণ হব, আত্মীয়ৰ আগমন হব, কৰ্ম পৰিবৰ্তন হব পাৰে যদিও আজি সজাগ থাকিব।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মদক্ষতা বাঢ়িব,যদিও মানসিক ক্লেষ বাঢ়িব পাৰে, লগতে সজাগ নহলে আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, আত্মীয়ৰ আগমন হব, যদিও দাম্পত্যত  সামান্য বিবাদ হব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মত সন্মান বাঢ়িব, সুখ বাঢ়িব, যদিও কৰ্ম পৰিৱৰ্তনৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়ত উন্নতি হব, মনত আনন্দ বাঢ়িব, লগতে কৰ্মত সফলতা বৃদ্ধিৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মৰ প্ৰসাৰতা বাঢ়িব, যদিও খৰছ বৃদ্ধি হব পাৰে লগতে  সামান্য গৃহ আশান্তি হোৱাৰ  যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)