হে মােৰ ধৰিত্ৰী আই
তোমাৰ সুন্দৰতাত মুগ্ধ হওঁ,
সুন্দৰ ধৰাৰ সুন্দৰ গছে -বনে
কিমান যে সুন্দৰ এই পৃথিৱী,
মুগ্ধ হয় কত' জীৱকুল ।
তোমাৰ বুকুৱেদি বৈ যোৱা সৰু-বৰ
বৈচিত্ৰময় নদ- নদী, জান-জুৰিয়ে
পানী বিলায় ধৰাৰ জীৱকুলক ॥
সুন্দৰ জান-জুৰি, হ্ৰদ, জলপ্ৰপাতেৰে
ভৰা তোমাৰ দেহ ।
সু-উচ্চ পাহাৰ -পৰ্ব্বতেৰে নামি আহা
জুৰিবােৰৰ মুখেৰে নিৰ্ব্বাপিত হয়
কল- কল , জিৰ-জিৰ সুৰৰ
পানীৰ-গান ॥
তোমাৰ সুন্দৰতাত মুগ্ধ হয়
আদিম মানৱৰ পৰা আধুনিক মানৱ ।
গোটেই পৃথিৱীত বিৰাজমান
বিশাল নদ-নদী,
সু- গভীৰ সাগৰ- মহাসাগৰ
বন-উপবন
মৰুভূমি - মৰূদ্যান
দ্বীপ- ব-দ্বীপ
ৰহস্যময় গভীৰ হ্ৰদ, গিৰিখাত
গভীৰ হাবি-বননিৰে ভৰা পৃথিৱী ॥
তুমি কিমান ধুনীয়া - তুমিটাে নাজানা ?
তোমাৰ সুন্দৰতাত মুগ্ধ হয়
কত' কবি
কত' মানুহ ।
ঋতুৱে - ঋতুৱে
বৰণ সলোৱা পৃথিৱীৰ
সেউজী বননিত
যেতিয়া ফুলে ৰঙা, বগা, হালধীয়া , নীলা ,
বেঙুনীয়া, গুলপীয়া নানাৰঙী ফুল
আকাশ ভৰাই
চৌদিশে শো -শােভিত কৰে বন - বৃক্ষপুষ্প গণে
এই সেউজী ধৰা ।
ৰ' লাগি চাও আমি
তোমাৰ অপূৰ্ব্ব সৌন্দৰ্য্য ॥
যিমান সুন্দৰ -
ইমানে ৰহস্যময় পৃথিৱী !
ৰবফাবৃত মেৰুসাগৰৰ ৰহস্যৰ ভেদ বিচাৰি বিজ্ঞানীয়ে সাৱতে মৃত্যুক !!
সেইদৰে
প্ৰশান্তৰ গভীৰতাক বুজিবলৈ
কিমান প্ৰকৃতিবিদ
সাগৰৰ সােঁতৰ চাকনৈয়াত বিলীন হৈ গ'ল
কোনে জানে !!!
পাহাৰ -পৰ্ব্বতৰ
ফাঁকে - ফাঁকে
কিমান গিৰিখাতত
কিমান পানী থাকে
কোনে জানে তাৰ হিচাপ
মাথো জানে পাহাৰী জুৰিয়ে ।
ৱাহ: কি অপৰূপ সৌন্দৰ্য্য তোমাৰ !
সৌন্দৰ্য্য পিপাসু মানৱে পান কৰে
তোমাৰ সৌন্দৰ্য্যক ।
তোমাৰ প্ৰেমত বলিয়া হয় মানৱকুল ।
পক্ষী , জীৱগণৰ বিচৰণ ভূমি দিলা,
জীৱকূল চৰি আছে
মাটি, বালি, পানী, বৰফ সকলোতে ॥
অজ্ঞানীয়ে ধ্বংশ বিচাৰে তোমাৰ ।
এই সুন্দৰ পৃথিৱীক বুজিবা মানৱে,
পৃথিৱী থাকে মানে আমিও থাকিম ।
পৃথিৱীৰ সুন্দৰতাক পান কৰিবলৈ শিকা পৃথিৱী আই বাচে মানে - আমিও বাচিম ॥
হে বৈচিত্ৰময় পৃথিৱী ৷
তোমাৰ ৰূপ -গুণৰ বলিয়া প্ৰেমিক কবি মই ৷৷
তোমাৰ অন্তঃ গহ্বৰক জুমি জুমি
চাবলৈ দিয়া মোক !!!
হেপাহ পলুৱাই অধ্যয়ন কৰো মই
অন্তঃ গহ্বৰৰ নদী আৰু
পানীৰ সোঁত বিচাৰি যাও ৷৷
📝 মীনা পামেগাম, চিপাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ