ৰাভা সকলৰ অন্যতম লোক নৃত্য হানাঘোঁৰা -০১

©Admin
0
আমাৰ মাতৃভূমি অসমখন সঁচায়ে ভাগ্যবান | ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে | বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এইখন অসমতে বাস কৰে ভূমি পুত্ৰ ৰাভা জনগোষ্ঠীৰ ভাই ভনী সকলে |  তেওঁলোকৰে অতি আপোন এটি প্ৰিয় নৃত্য হল হানাঘোঁৰা | হানাঘোঁৰা নৃত্যক তেওঁলোকে পূজা হিচাবেও পালন কৰে | ৰাভা জনগোষ্ঠীৰ অন্যতম এটা ঠালৰ নাম হানা | এই হানাৰ পৰাই হানাঘোঁৰা হৈছে | হানা ৰাভা সকলে পোন প্ৰথমে নচুওৱা এই নাচকে অথবা নৃত্যকে হানাঘোঁৰা নৃত্য বুলি কোৱা হয় |  হানাঘোঁৰা জন্ম সম্বন্ধে ৰাভা সমাজৰ মাজত কিছুমান লোক কথা লোক পৰম্পৰাৰ প্ৰচলন ব্যাপক ভাৱে দেখিবলৈ পোৱা যায় | 
     এক কিংবদন্তী অনুসৰি দক্ষ ৰজা জীয়ৰী দেৱী সতীয়ে স্বামী মহাদেৱৰ নিন্দা সহ্য কৰিব নোৱাৰি যজ্ঞভূমিতে প্ৰাণত্যাগ কৰিছিল | এই খবৰে মহাদেৱৰ খং চুলিৰ আগলৈকে নিছিল আৰু পত্নী সতীদেৱীৰ মৃত দেহ কান্ধত লৈ পৃথিৱী ভ্ৰমী ফুৰিছিল |  এই অৱস্থা দেখি প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে তেওঁৰ হাতৰ সুদৰ্শন চক্ৰৰে সতীদেৱীৰ দেহ খণ্ড খণ্ডকৈনকাটি পেলাইছিল | যেতিয়া মহাদেবৰ গাৰ পৰা সতীদেৱীৰ দেহ নাইকিয়া হৈছিল তেতিয়া মহীদেব বা শিৱ গৈ জনজাতীয় গাঁও এখনত গৈ ওলাইছিল গৈ | তাতেই লাওপানী খাই আনন্দত মচগুল হৈ নাচিবলৈ আৰম্ভ কৰিছিল | ঠিক তেনে সময়তে কালী গোঁসানীয়ে ক'লা ঘোঁৰাত উঠি নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল আৰু শিৱইও কালী গোঁসানীৰ লগ লাগিছিল আৰু সেই নৃত্যৰ পৰাই হানাঘোঁৰাৰ জন্ম হ'ল বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে |  অতীত কালত ৰাভা সমাজত হানাঘোঁৰা নৃত্যৰ ব্যাপক প্ৰচলন আছিল | সাধাৰণতে এই ব'হাগ মাহতে হানাঘোঁৰা নৃত্য কৰা হয় | এজন মানুহে পিন্ধি নচুৱাব পৰাকৈ সুবিধা কৰি বাঁহ - বেতেৰে হানাঘোঁৰাটো নিৰ্মাণ কৰা হয় | হানাঘোঁৰাৰ জকাটোত বগা বা ক'লা কাপোৰ মেৰিয়াই দিয়া হয় | হানাঘোঁৰাৰৰ মূৰটোত এটোৰ দেও ছাগলীৰ শিং বান্ধি গিয়া হয় | হানাঘোঁৰাত ঘোঁৰাৰ দৰে নেজ লগাই দিয়া হয় | এই নেজ মৰাপাটত ৰং দি তৈয়াৰ কৰা হয় | নেজৰ অংশত ওপৰমূৱাকৈ তিনিফুটমান দীঘল, ওপৰ অংশ জোঙা আকৃতিৰ এডাল ৰঙীণ কাঠ লগাই দিয়া হয় | ঘোঁৰাৰ পিঠি ফালে কিছু অংশ খোলাকৈ ৰখা হয় | নৃত্য কৰা মানুহজন খোলা অংশৰে মূৰটো উলিয়াই ৰাখি ঘোঁৰাৰ সজাটো কান্ধত পিন্ধি লয় | মানুহজনৰ ভৰি ঢাক খোৱাকৈ ঘোঁৰাৰ কাপোৰ ওলমি পৰি থাকে | বাদ্য আৰু নৃত্যৰ আহিলাৰ ভিতৰত বিশেষকৈ তৰোৱাল দুখন , বাঁহী দুটা , শিঙা এযোৰ , মাদল দুটা , ঢাল দুখন আৰু যাঠি এডাল থাকে |
                    আগলৈ

📝হেমেন হাজৰিকা
                   মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)