গোপন ৰহস্য ভেদি

Rinku Rajowar
0
ভবা নাছিলো এইয়া যে মিছা অভিনয়
সেই অভিনয়তেই দেখিলো সপোন 
যাচিলো মৰম 
কৈছিল মোক সৰীসৃপ হৈ নবগাবা
খুটি খুটি  নাখাবা  !!
আতৰি আহিব খুজিছিলো
কিন্তু তেওঁ হঠাতে অন্তৰখন চুৰ কৰি কলে 
মোৰো প্ৰয়োজন  ।
সেয়ে খুপনি পুতিলো আদান প্ৰদান কৰি মৰমৰ !!
অগাধ বিশ্বাস কৰিছিলো 
ইমান কম সময়ৰ ভিতৰতে সলনি হব পাৰে 
ভবা নাছিলো ।
আচলতে  আপোন বুলি ভবাটো ভুল হ'ল নেকি ? ?
আজিৰ পৃথিৱীত বিশ্বাসৰ অপমৃত্যু হৈছে নেকি ??

প্ৰেমত পৰাটো দুখ ছাগে  মোৰ
কিয় জানো পেটলৈ ভাত নাযায় চকুত টোপনি হেৰাই ,
সেয়ে হৃদয়ৰ গোপন ৰহস্য প্ৰকাশ কৰি
খুটি পুটি উজুটি খোৱাৰ দৰে !!
চকুলো সৰে অজানিতে 
টোপাটোপে
শিতানৰ গাৰুটিতে
নিজানৰ পিৰালিতে 

📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)