আজি সাৰে আছে পৃথিৱী
টোপনিৰ আখৰাত আছে -কোনোৱে ।
লাখ লাখ মানুহ কৰোণাত বন্দী
কৰোণাত পৃথিৱী উদ্দীগ্ন !
হেজাৰ হেজাৰ ৰােগীৰ মৃতদেহ
প্ৰতিদিনাই !
কিমান বান্ধিৱ
কিমান হিচাপ কৰিব মৰা শ - বােৰ !!
মৃত্যুৰ কিৰিলীত পৃথিৱী
ৰজা - মন্ত্রী সংশয়ত
কেনেকৈ বাছিব দেশ !
সকলো শেষ,
মাথো শৰীৰটো
বচাবৰ আশাত
দিন গণিছে ।
এই যন্ত্ৰনাৰ শেষ কেতিয়া হ'ব
আজি মানুহৰ মগজু গধুৰ
কেতিয়া পৰিত্ৰাণ পাব
পৃথিৱীখনে !
ৰোগীৰ পাহাৰ
কিমান হিচাপ কৰিব
আত্মীয়ই !!
পুত্ৰই মাতৃক
পিতৃয়ে পুত্ৰ বিয়ােগত
হিয়া উজাৰিছে ।
কৰােণাই
হিয়া ফালি দিলে পৃথিৱীৰ !
দেশ ম্ৰিয়মান ।
শোক আৰু দুখৰ ছৱি কিমান আকিব ?
পৃথিৱীৰ ৰোগৰ ৰাতি -কেতিয়া শেষ হ'ব ?
সাৰে আছে পৃথিৱী - কেকাই কেকাই ।
উসঃ কিমান যান্ত্ৰনা দিয়া ?
পৃথিৱীৰ - কেতিয়া ৰাতি পুৱাব ???
কিমান দিন সাৰে থাকিব - পৃথিৱী !!!
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ