বিহুৰ বতৰা

©Admin
0


কলামেঘে আবৰিছে ,
মৌনতা প্ৰকৃতিৰ ৷

কুলি কেতেকীয়ে চকুলো টুকিছে ,

কপৌ কেতেকী মালতীয়ে

হাঁহিব নোৱাৰিছে ৷৷


শিমলু কলাই ফাট নেমেলে ,

ঢোল পেঁপাৰ মাত স্তব্ধ ৷

কৰুণ বিননি মইনাহঁতৰ ,

নানা সুগন্ধি ফুল ,

 কুঁহিপাতে ছাটিফুটি কৰিছে ৷৷


চৌ দিশে আজি কৰ'নাৰ ৰূপ ,

আবদ্ধ হ'লো গৈ লকডাউনত বন্দী ৷

মলয়াত সৰ্বসাৰা অসমী যুৱৰ মন ,

হ'লগৈ ৰঙালী বিহুৰ আগবতৰা ৷৷

ত্ৰাহিমাম বুলি আহ্বান জনালোঁ ,

এগচি বন্তিৰে হিয়া আৱৰািছো ৷

আছে কুল এই জগতত 

ৰক্ষা কৰা জগদীশ্বৰ ৷৷


আনদিশে খাদ্য সংকট ,

শোষণকাৰী মানৱীয় বিহিনৰ মূল্য বৃদ্ধি ৷

ত্ৰাণ পাবনে সাধাৰণ জনতাই ,

এয়া আজি বিহুৰ পটভূমি ৷৷

📝ঘনকান্ত কায়স্থ



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)