বিহু বিনন্দীয়া

©Admin
0
শেষ ৰাতি বা-মাৰলিত বহাগ ফুলিল 
কুলিজনী কণ্ঠলগ্নত আজলিপাতি ওলমিল 
বিহু বিনন্দীয়া লহৰ

 বাৰী ঢাপৰ কপৌপাহিত শাৰী শাৰী 
জেতুকা বলীয়া ৰং
শিলৰ পটাত মাহ হালধিৰ মটীয়া হাঁহি
বাঁহৰ চাকত লাও বেঙেনা পৰম্পৰা 
দীঘলতি ,মাখিয়তী আৰু তৰা পঘা
সূৰুয উঠা পৰতেই বছৰটোলৈ 
হিচাপ কৰি থম 
মোৰ গোহালিৰ পোৱালমণি 
উঠি থাকিলে বান
আমোলন সুখত বহিলে ধান

জেতুলীপকা ,কেঁঞাকঠাল ,টিকনিবৰুৱা 
আমলৰি টোপ এশ এটি শাক 
নাহৰৰ পাতত বাট বৃষ্টি অভয় মন্ত্ৰ
গৰু বিহু গধুলি
হুঁচৰি এ চ'ত...

উদ্বাস্ত মনটো বহাগে মেৰিয়াই
শুকান ডালত সাহসৰ পোছাক
কপহুৱা ডাৱৰৰ ফাকেদি সৰি পৰে 
ঢোলৰ গুমগুমনি
গৰু চালত আঙুলি বোল 
   দীঘেনা খিট টাও

চ'তৰ বা-মাৰলিত সৰুদৈচিলাই 
তাঁতৰ পাতত বাছে গুটিফুলৰ বিহুৱান
ওখল মাখল ঢেঁকী গাঁয়েশালি
সান্দহ ,শুৰুম ,ততেলী পতীয়া চিৰা

সুখী তগৰে বিয়পাই নাচনী খোপা গোন্ধ
(দেউতাৰ পদূলিত গোন্ধাইছে মাদুৰি
কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম)
দুৱাৰ খুলি আকাশেও দিয়ে সংগ 
তলমল বৰষুণৰ চকুলো নিৰ্বীজ ধৰণিত 
শ‍্যামলী শস্যৰ জোনাক
সাঁকোহীন নৈ খনেদি উজাই আহে
ম'হৰ শিঙৰ জুৰীয়া পেঁপাৰ গৰখীয়া সুৰ
নাচনী তেজত ঘূৰ্ণীয়মান
সৰুসূতা টাকুৰী
লাহৰী গগনাত সুষমা যৌৱন
ৰামধনৰ ষোল্ল স্বৰত উন্মনা ৰহেদৈ
কাঞ্চন ফুলীয়া সপোন

সৰু সৰু টকা মাতত 
মুগা সাজে খমখমাই
নিৰন্ন পৰতো আখলত সূৰ্য টো জ্বলে ৰঙাকৈ
পঁইতা ভাত ,পানীটেঙায়েও যে জীৱন কঢ়িয়াই

ৰঙালী পলৰীয়া মনক বান্ধিব
পৰা সুদৃঢ় শিকলি
সেয়ে চাগৈ বিহুৱতী চৰাইজনীয়ে
ওৰেৰাতি আকাশজুৰি গাই 
বিহু বিনন্দীয়া গান

   📝  টিনা মণি বড়া 
         মৰাণ (ৰাঙলী)


        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)