মালতীৰ মনৰ বেথা

©Admin
0
     তাঁত শালৰ গামোচা জুটি কাটিবলে গৈ থমকি ৰ'ল মালতী। লতা ফুল বচাঁ গামোচা জুটিৰ এতিয়াও দুখনমান বাকী । আগফালৰ  বাৰান্দাত থকা শাল খনৰ পৰা দীঘলীয়া পদুলিটোলৈ চাই পঠিয়ালে মালতীয়ে। ঠিকেই ফুলিছে নাহৰ জোপা আৰু গাতে লাগি ওলমি ফুলি আছে কপৌ কেইপাহও। চোতাৰ আগৰ তগৰ জোপাইয়ো ডাল ভৰি ফুলিছে। বসন্তক আদৰিবলে।বতাহত বিয়পি আছে চিনাকি অচিনাকি ফুলৰ মলমলিয়া সুৱাসবোৰ।

  বিহুলৈ কেইদিনো বাকী…।গোটেই খন কিবা নিমাও-মাওঁ। গাৱত নাই ঢোলৰ চেওঁ।  পেঁপাৰ মাতো শুনা নাই। চলা নাই বিহুৰ আখৰাও। কিহত কিখনে পালে জানো! কিনো অচিন বেমাৰটো জানো ক'ৰ পৰা আহি দেশখনত সোমালেহি। সাতপুৰুষতো শুনা নাইচোন মহামাৰীয়ে ৰুদ্ধ কৰা বুলি সাতাম পুৰুষীয়া বিহুটোক। সকলোৰে মনবোৰ মৰা। শয্যাগত আজি যেন  জাতিটো। হওঁক দে ,মানুহ মখাৰো কম অতপালি নেকি! প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰৰ সমুচিত বিচাৰ প্ৰকৃতিয়েই কৰিছে আজি।
        
কিনো কৰিব খৰ-খেদাকৈ গামোচা জুটি কাটি…? দিবইবা কাক ! কোন আহিবনো ? একমাত্ৰ পুুতেকটো। সিও নাইচোন। লক্-ডাউন নে কি জানো! আহিব নোৱাৰে বুলে সি। বুজিবই নোৱাৰি কথাবোৰ। হেৰৌ, লগ লাগি থাকিলেই হয়নে বেমাৰটো…? থ'হেৰৌ আপদিয়া কথাবোৰ।
          
    পুতেকৰ কথা মনত পৰাত আৱেগিক হৈ পৰিল মালতী।পুতেকৰ অবিহনে তাঁত শালখনেই তাইৰ এক মাত্ৰ লগৰী। নহ'লেনো কৰিব কি । উকা উৰুঙা ঘৰখনত এনেয়ে থাকি আমনিও লাগে মালতীৰ। কোনে বুজিব মালতীৰ মনৰ বেথা। গাওঁখনত এনেও আগৰ পৰাই নাম এটা আছেই তাইৰ শিপিনি বুলি ।

    আজি-কালি চোন গাৱৰ বিহু-হুচৰিবোৰ নাইকিয়াই হ'ল। যিবা সৰুমখাই ধৰি ৰাখিছিল পৰম্পৰাটো তাকো মুদা মৰিল এইবেলি। কলিৰ অৱতাৰ হৈছে অ' এইবোৰ। অমঙ্গলৰ চিন সকলোবোৰ। নষ্ট হ'ৱ পৃথিৱী খন।
        
 চল্পভাষী দৰে ভোৰ্-ভোৰাই থাকিল মালতীয়ে।   
        
       পুলি খুটাযোৰৰ ওপৰত থকা টুলুঠাটো কাণমাৰি ডালেৰে টান কৰি গৰকা ডাল গচকি জাল দি চালে এবাৰ। চালি মাৰি ডাল চপাই থৈ যঁতৰটোৰ ওচৰত বহি ল'লে মালতী। উঘাট থকা আঁচু কেইডালৰ আঁত বিচাৰি ব্যস্ত হৈ পৰিল তাই।
             
     মহুৰা দুটামান বাটি লৈ খৰকৈ মাকো মৰাত লাগিল মালতী। যি নহওঁক বিহুৰ আগতে কাটিব পাৰিলে ভাল। নহ'লে বিহু চেৰা তাঁত বোৱাই টান।

📝প্ৰবিন দত্ত
     শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)