এইবাৰ ঘৰতে ৰঙালী বিহু উদযাপন কৰোঁ আহক , খণ্ড - ০৩

©Admin
0

ৰঙালী বিহুৰ প্ৰথম দিনটোক গৰু বিহু বুলি কোৱা হয় মানে আজি হ'ল গৰু বিহু সাতবিহুৰ আজি প্ৰথমটো বিহু ৷ এই গৰু বিহুৰ দিনা পুৱাই গৰুক দীঘলতি পাতেৰে কোবাই কোবাই নদীলৈ নিয়া হয় আৰু গৰু গা ধোৱা পাছত লাও , বেঙেনা , থেকেৰা আদিৰে কোবাই কোবাই গোৱা হয় -

           লাও খা বেঙেনা খা

      বছৰে বছৰে বাঢ়ি যা 

                বাপেৰে সৰু গৰু 

           তই হবি বৰগৰু ৷                           

লাও বেঙেনা আদি গুঠি গৰুক কোবোৱা বাহঁৰ মিহি কামিডালক " চাট " বুলি কোৱা হয় সন্ধিয়া গৰু ঘৰলৈ ঘূৰি আহোতে বিহুৱান হিচাপে গৰুক নতুন পঘা দিয়া হয় ৷ আৰু গৰুৰ অপাই অমংগল নহবলৈ  গোহালিত জাগ দিয়া হয় বিহু খেতিৰ প্ৰধান আহিলা সেইবাবে ৰঙালী বিহুৰ প্ৰথম দিনটো গৰুক উচৰ্গিত ৷ গৰু বিহু দিনাখন জীয়ৰী বোৱাৰী সকলোৱে হাতত জেতুকা বোলোৱাটো এটা প্ৰথা কিন্তু বৰ্তমান আধুনিক যুগত জেতুকা পাতৰ ঠাইত বিভিন্ন কেমিকেল জাতীয় জেতুকাহে হাতত বোলাই ভাল পাই ৷ জনবিশ্বাসমতে জেতুকা পাতে বহুতো বেমাৰ 

আজাৰ নহয় লগতে জেতুকাৰ ৰঙে মন প্ৰাণ ৰঙিয়াল কৰি তোলে ৷ গৰু বিহু দিনা ৰাতি নেওৰা তলত বহি মচুৰমাহ , আমৰ মল , কঁঠালৰ মুচি , নিমপাত , নিমখ আদি একেলগে মিহলি কৰি খালে বছৰটোলৈ নিৰোগী হৈ থাকিব বুলি আন এটা জনবিশ্বাস আছে ৷

যিয়ে নহওক কিয় ৰঙালীৰ এইয়া প্ৰথম বিহু গৰু বিহু এই বিহুৰ যোগেদি মানুহ পৰু গৰু নামৰ প্ৰাণীৰ সৈতে এক আত্মাীয়তা বা গৰুৰ প্ৰতি গৰাকীৰ কিছু হ'লেও দয়া মমতা উপজে আৰু গৰুৱে মালিকৰপৰা বিচৰা মৰমকণ পাই ৷

সময়ৰ লগতে এই প্ৰথাৰ মাজতো কিছু পৰিবৰ্তন পৰিলক্ষিত হৈছে ৷ মানুহে লাহে লাহে গৰু পোহাটোও বৰ জেং এই তুচ্ছ মনোভাৱেৰে গৰু থাকিলে বেচি পেলাই নাইবা গৰু নোপোহে ৷ গৰুৱে জীয়াই থকাৰপৰা মৃত্যুলৈকে ইমানখিনি যে মানুহক উপকাৰ কৰে সেই কথা চাগে বহুত মানুহে উপলব্ধিয়ে নকৰে আৰু আন কিছু লোক আছে গৰুক ঘৰৰ সদস্যৰ স্থান দিছে ৷

শেষত আপোনালৈ আন্তৰিকতাৰে  ৰঙালী বিহু তথা গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে ঘৰৰপৰা বাহিৰত নোলাই এইবাৰ ঘৰতে গৰু গা ধোৱা কাৰ্যসূচী পালন কৰিবলৈ অনুৰোধ জনালোঁ সতৰ্ক থাকক সাবধান থাকক কাৰণ কৰ'নাৰ আতংক শেষ হোৱা নাই ৷


📝দুলাল ৰবিদাস





                                                          



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)