কল্পনাৰ কাৰেঙত তুমি আৰু মই

Rinku Rajowar
0
কল্পনা সাগৰৰ সিটোপাৰে
মৰুৰ বালিচৰত
সাজিম এটি কাৰেং,
য'ত থাকিম কেৱল, 
তুমি আৰু মই ।

আমাৰ মৰমবোৰে
ওমলি ফুৰিব ।
সপোনবোৰে সোণোৱালী বাটত
ঢাপলি মেলিব ।
তুমি আৰু মই
আকাশৰ তৰাবোৰক চাই
লিখি যাম আমাৰ
এটি প্ৰেম কাহিনী ।

দুখবোৰে ফেকুঁৰি কান্দিব
আৰু সুখবোৰে,
হেঁপাহ পলুৱাই খিলখিলাই হাঁহিব ।
খেলিম আমি,
সাগৰৰ ঢৌবোৰৰ লগত,
ভাঁহি অহা শীতল ‌‌বতাহৰ খুন্দাত,
বিলীন হৈ ৰ'ম,
দুয়ো দুয়োৰে মাজত ।

কল্পনা সাগৰৰ সিটোপাৰে
মৰুৰ বালিচৰত
সাজিম তুমি আৰু মই
এটি সপোনৰ কাৰেং ।।

 ✍️ৰিয়ানশ্ব কাশ্যপ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)