মই এজন শ্ৰমিকে কৈছো

Rinku Rajowar
0
আজি আমাৰ দিৱস  | আমাৰ ইচ্ছা আজি আমি কাম কৰিবও পাৰো , নকৰিবও পাৰো  | আমাৰ মতে চলিব আজি দনটো  | খুউব স্ফুৰ্তি কৰিম আজি , লঘোনীয়া পেটেৰেও স্ফুৰ্তি কৰিম , গান গাম , নাচিম | কাৰ্ণ আজি আমাৰ দিন , আমি আমাৰ ভাবে উদযাপন কৰিম , ইয়াত কাৰো দাদাগিৰি নচলিব | এয়া এগৰাকী শ্ৰমিকৰ উক্তি  | বছৰৰ এটাদিন এই খাটিখোৱা মানুহখিনিৰ নামত উচৰ্গা কৰি দেশ ধন্য হৈছে  | যি সকলে দেশ নিৰ্মাণৰ নামত অভূতপূৰ্ব বৰঙনী যোগাই আহিছে | নিজৰ দেহৰ তেজ পানী কৰি , মুৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰে আনৰ শান্তিৰ বাবে , আনৰ প্ৰশান্তিৰ বাবে | বিশিষ্ট শ্ৰমিকবাদী নেতা লেনিন , কাৰ্লমাক্স আদিয়ে অহৰহ মাত মাতি আহিছিল | দিনটোৰ ১৮ ঘণ্টা পৰ্যন্ত মালিকক তেওঁ বিলাকে শ্রম বিক্ৰী কৰিছিল | মালিকৰ ইচ্ছাই আছিল সকলো | শ্রমিকে কোনো প্ৰতিবাদ কৰিব নোৱাৰিছিল , কৰিলেই পৰে পৃথিৱীত চাবোকৰ কোব ভোকে , লঘোণে তেওঁলোকে কাৰখানাত কাম কৰিব লাগিছিল  | তাৰ বিনিময়ত মালিক সকলে তেওঁলোকক শোষণ কৰি আহিছে | দেশ উন্নতি হ'ল ঠিকেই কিন্তু শ্ৰমিকৰ মুক্তি হ'ল নে ? কেতিয়া তেওঁলোকে মালিকৰ হাতোৰাৰ পৰা ওলাই আহিব পাৰিব  | তেওঁ বিলাকৰ হৈ হাতত কলম লৈ , মুক্তিৰ শ্ল'গান দিয়া লোকৰ অভাৱ নাই | কিন্তু প্ৰকৃতাৰ্থত তেওঁৰ ঘৰত শ্ৰম বিক্ৰী কৰা শ্ৰমিক গৰাকীক তেওঁ কৰা ব্যৱহাৰ কেনেকুৱা ? দিয়েনে বাৰু এষাৰি মৰমৰ মাত ? দিয়েনে এসাজ সুস্বাদু আহাৰ তেওঁৰ ভোকৰ ? তেনেবোৰ লোকে ডিঙিত গামোছা পিন্ধি শ্ৰমিক মুক্তিৰ ধুনিয়া ধুনিয়া বক্তৃতা দিয়ে সভাবোৰত | কথাখিনি তাতেই শেষ | প্ৰকৃত স্বৰূপ দেখা যায় তেখেতৰ ঘৰত কাম কৰা শ্ৰমিকজনক কৰা ব্যৱহাৰত  | ঘৰত কাম কৰা বাইজনীক সৰু সৰু কথাতে কটু কথা শুনুৱা | তেতিয়াহলে শ্ৰমিকৰ মুক্তি কেতিয়া ? হাজাৰ আস্ফালন , হাজাৰ লেখা , হাজাৰ লেখা হাজাৰ প্ৰতিবাদ হাজাৰ আন্দোলনেও আজি পৰ্যন্ত শ্ৰমিকৰ মুক্তি নহল | তেন্তে কেতিয়া হ'ব ইয়াৰ অৱসান ?
      আমাক শ্ৰমিকো লাগিব  | নহলে দেশ নিৰ্মানত কোনে সহায়ৰ হাত আগবঢ়াব ? কিন্তু তেওঁলোকে শ্ৰমৰ বিনিময়ত পাব লাগিব উপযুক্ত সন্মান ,উপযুক্ত মৰ্যদা | তেহে আমি শ্রমিক দিৱস পালন কৰাৰ সাৰ্থকতা থাকিব | তেহে কব পাৰিম শ্ৰমিক ঐক্য জিন্দাবাদ |( দেশৰ প্ৰতি গৰাকী শ্ৰমিক বন্ধুৰ হাতত শ্ৰদ্ধাৰে |)

📝 হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)