সবাতোকৈ ভাল মোৰ দেশ

Rinku Rajowar
0
(দূৰ দুৰণিত থকা মোৰ দেশৰ ককাই-ভাই সকলৰ নামত উৎসৰ্গিত মোৰ এই অনুভৱ....)

নালাগে স্বৰ্গপুৰী,
স্বৰ্ণ লংকা নগৰী,
আমেৰিকা, চীন, জাপান,
থাইলেণ্ড, ৰুছিয়া নাইবা ছুইজাৰলেণ্ড ।
সবাতোকৈ ভাল মোৰহে দেশ ।
ইয়াতে আছে স্বৰ্গ, শান্তি আৰু প্ৰশস্তি ।
ককাইদেউহঁতে কোৱাৰ দৰে
স্বাধীন অসমো নালাগে আমাক ।
মৰমৰ ককাইহঁত, নকৰিবা আৰু মৰা কটা
য'তেই আছা ভালদৰে থাকা, 
পাৰিলে ঘৰৰ ল'ৰা
ঘৰলৈ  ঘূৰি আহা ।
হ'ব পাৰে মোৰ দেশ দুখীয়া 
আৰু পিছপৰা,
কিন্তু সবাতোকৈ ভাল মোৰ দেশ ।
আছে ইয়াত মানৱতাৰ জয় গান,
মৰম আৰু ঐক্যতাৰ তান
দুৰ্গত জনৰ সহায়ৰ বাবে
প্ৰয়োজন হ'লেই য'ত ওলাই আহে
হাজাৰজনৰ  হাত ।
প্ৰৱাসী হ'লেও প্ৰতিটো ক্ষণত
মনবোৰ আমাৰ থাকে ইয়াতেই ।
পেটৰ তাড়নাত দুৰণিত গৈ
দেহা পানী কৰি,
কপালৰ ঘাম মাটিত পেলাওঁ,
উপাৰ্জন কৰোঁ দুটামান টকা, 
পিছে বিপদৰ দিনত
বুকু ঢপঢপাই,দেহা চটফটাই,
থাকিব নোৱাৰোঁ শান্তিৰে !!
সেয়ে, ঘূৰি আহিব খোজোঁ 
মোৰ আইৰ বুকুলৈ ।
মৰিব খোজোঁ এই মাটিতেই--
কাৰণ ইয়াত আছে মোৰ বুকুৰ কুটুম্ব,
সৰগীয় শান্তিৰ বতাহ
আৰু আপোন আপোন হেঁপাহ ।

📝 ডঃ কুঞ্জলতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)