প্ৰেমৰ এনাজৰী

Rinku Rajowar
0
প্ৰেমৰ এনাজৰীডাল এৰিবলৈ
কিমান যে চেষ্টা কৰিলা -
হৃদয় দহিলেওঁ  ৰাখিলো  ধৰি ।
পাৰা হলে হয়তো - এৰিলো হয়।

এৰি দিবলৈ কিমাননাে পৰ লাগে, কোৱা ?
এৰি দিওঁ বুলিয়েই - দিব পাৰি জানো ?
নোৱাৰি ।
মই এৰিলেওঁ -হৃদয়ে নেৰে ।

প্ৰেম এনেয়ে নাহে ।
প্ৰেম আমন্ত্ৰণতহে নাহে ।
প্ৰেম হয়হে ।
প্ৰেম কোন বাটেৰে আহে 
নাজানে কোনেও ।
অদৃশ্য পথেৰে প্ৰেম আহে
- সংগোপনে ॥

ঐশ্বৰিক প্ৰেমক
ইমান সঁহজে
আঁতৰাব নোৱাৰা ।

তোমাৰ প্ৰেমত চুক্তি আছিল নেকি -
প্ৰেমৰ ম্যাদ উকলাৰ আগতেই -
এনাজৰীডাল চিঙি দিম বুলি ?
নাই, তোমাৰ একো চুক্তি নাছিল ॥

নাই, তুমি প্ৰেমৰ এনাজৰীডাল
এৰাে বুলিয়েই - এৰি দিব নোঁৱাৰা ।
তুমি ভৱাৰ দৰে - ইমান সহজ নহয় ।

ভাৱিছা নেকি (?) ,
প্ৰেমৰ জৰীডাল কটা -চিঙাৰ অধিকাৰ 
মাথো তোমাৰেইনে ?
নাভাৱিবা তেনেকৈ ।
ভুল ভাৱিছা ।

প্ৰেম -ভালপোৱা বােৰ
এটা ঐশ্বৰিক চুক্তি ।
ইমান সহজ নহয়
প্ৰেমৰ এনাজৰীডাল চিঙি দিয়াৰ ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)