বগেজাৰী এক অনুপম লোককৃষ্টি- ০৭

Rinku Rajowar
0
যোৱাসংখ্যাৰ পিছৰ পৰা----
    বগেজাৰী গীতসমূহ সহজ সৰল ৰাভা জনগোষ্ঠীৰ অন্তৰৰ পৰা নিগৰি পাহাৰী নিজৰাৰ পানীৰ দৰে নিৰ্মল ,স্বচ্ছ , সহজে বোধগম্য | গীত সমূহৰ ভাষা ৰাভাসকলে সাজি লোৱা কথিত অসমীয়া ভাষা | ক'তো দুৰ্বোধ্যতা নাই | নিজৰ চাৰিওফালে দেখা পোৱা প্ৰাকৃতিক বস্তু সমূহে গীতৰ উপজীৱ্যৰূপে গ্ৰহণ কৰি তাক এক সাৱলীল আৰু জীৱন্ত ৰূপ দিয়া হৈছে | দুই এফাঁকি গীতত প্ৰতীক আৰু ৰূপক ধৰ্মীতা নথকা নহয় | কিন্তু তেনে গীতৰ সংখ্য তেনেই তাকৰ , নাই বুলিয়েই ক'ব পাৰি | এফাঁকি গীতত আছে---
   একেতা হালুৱা গৰু
    শিঙে ঝাতাং পাতাং শিং
    আঘুৰিবা নুৱাৰি 
    ঝেৱাগোটক মাতং
গীতফাঁকিত উল্লিখিত ঝাতাং-পাতাং শিংযুক্ত হালুৱা গৰুটি স্বৰূপাৰ্থত দেহজ কামনাৰ বাহিৰে আন একো নহয় | দেহজ কামক শাঁত কৰিবলৈ গৰখীয়াৰূপী পুৰুষগৰাকীয়ে ঝেৱাগোটক( তিৰৰোতাজনী) ক মাতিছে | সেইদৰে পূৰ্ব উল্লিখিত 
কাৰো আগত নকবে
ৰাঙা-ফালি দিম কথাষাৰিত প্ৰেমৰ প্ৰতীক ৰাঙা-ফালি | আনহাতে ৰাঙা মেখেলাই ছোৱালীৰ কন্যাকাল প্ৰাপ্তি আৰু মাতৃত্ব লাভৰ গৌৰৱৰ কথাও ঘোষণা কৰে  |
বগেজাৰী গীতৰ সুৰ তাল লয় অতি ংনোমোহা | গীতৰ কৰুণ মধুৰ সুৰে শ্ৰোতাক সহজে আকৰ্ষণ কৰে | অইন অইন লোকগীতৰ দৰে বগেজাৰী গীতৰ সুৰ  চা  মা  নি এই তিনিটা স্বৰত বান্ধা  |

   বগেজাৰী গীত সমূহক বিভিন্ন শিতানত ভাগ কৰি দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে যদিও ৰাভাজনমানস , প্ৰেমপ্ৰীতি , আশা নিৰাশ , হাঁহি কান্দোন , আৰ্থিক সমস্যা , সামাজিক ৰীতি নীতি দন্দ হাই খৰিয়াল আৰু সাংস্কৃতিক দিশসমূহ ইটোৰ লগত সিটো এনেদৰে সাঙোৰ খাই আছে যে সিবোৰক সুকীয়াকৈ বিভাজন কৰি দেখুওৱা অসম্ভৱ  |
সেয়েহে সময়ৰ পৰিবৰ্তনৰ লগত খাপ খোৱাকৈ কৃষ্টি , লোককৃষ্টি সমূহৰ মৌলিকতা সমূহ অটুত ৰাখি নতুনত্ব কলা কৌশল সংযোজিত কৰি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সময় হ'ল  | নহ'লে লোককৃষ্টিসমূহ কৰবাত বিলীন হৈ যাব | বগেজাৰী গীত নৃত্য জীয়াই ৰখাতো আমাৰ সকলোৰে দায়িত্ব আছে |   সমাপ্ত

        📝হেমেন হাজৰিকা
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)