নৈৰ পাৰৰ বলিয়া দেৱদাস

Rinku Rajowar
0
নৈৰ পাৰৰ বলিয়া দেৱদাস।সন্ধিয়া পৰত যেতিয়া পশ্চিম আকাশৰ সূৰুযৰ হেঙুলী আভাস নদীৰ বুকুত পৰে,

চৰাই-চিৰিকটিয়ে সুমধুৰ গীত গাই বাহলৈ উৰা মাৰে তেতিয়া নদীৰ পাৰলৈ বলিয়া দেৱদাসৰ আগমন 

ঘটে,বলিয়া দেৱদাস।
কাৰোবাক পোৱাৰ আশাত আমি গোটেই জীৱন বেকাৰ হৈ ঘূৰি ফুৰো।

অথচ আমাৰ কথা ভাবিবলৈ সিহঁতৰ সময় নাই।

আৰে শুন কোনোবাই এৰি থৈ যোৱাৰ দুখৰ বেদনাত 40 টকীয়া মদৰ বটল 10 টকাৰ বাদাম ভজা খাই নদীৰ পাৰত বহি ট্ৰেজেদি ফালি একো লাভ নাই।

লাভ নাই উঠি অহা জীৱনটো  কাৰোবাক নোপোৱাৰ বেদনাত ধ্বংস কৰি।

আব্বে জীয়াই থকা দিন কেইটাতো অলপ শান্তিৰে জীয়াই থাক মোৰ ভাই হঁত কিয় কষ্ট দিছ মিছাতে নিজৰ মনটোক।

আ-ব্বে হাঁহি উঠে বে মদ খাই ট্ৰেজেদি ফালি একা বেকা খোজেৰে আগবাঢ়ি যোৱা তহঁতৰ সেই ভৰি দুখন দেখিলে।
ছোৱালীৰ প্ৰেমত পৰি কবি আৰু শিল্পী হোৱা মানুহ বহুত দেখিলো।

কিন্তু,কিন্তু প্ৰেমত উজুতি খাই মদৰ বটল হাতত লৈ নদীৰ পাৰে পাৰে ট্ৰেজেদি ফালি ঘূৰি ফুৰা প্ৰথম দেখা পালো।

চাল্লা ধ্বিকাৰ এনেকোৱা জীৱন।

লাভ নাই বুজিছ একো লাভ নাই 

এজন ভাল মানুহ হ'বলৈ শিক মানুহে চিনি পাব 

কিন্তু এনেকৈ ধোকে ধোকে মদ গিলি ঘূৰি ফুৰিলে কোনে কি বুলি চিনাক্ত কৰিব।

শুন প্ৰেমত পৰি ধৌখা খাই ঘূৰি ফুৰা বেকাৰ প্ৰেমিক সন্থা প্ৰেম কৰিবলৈ হেনো টকা লাগে টকা।

ঘূৰিবলৈ Ktm,duke,ducati ভাল ভাল ফটো উঠিবলৈ DsLr কেমেৰা।

তেতিয়া প্ৰেমৰ নিচা আৰু ভাল পোৱাৰ মজাই বেলেগ 

চাকৰি কৰা ল'ৰা বোৰৰ হেনো সোণৰ কলিজা।
চাকৰি কৰা ল'ৰা বোৰৰ হেনো সোণৰ কলিজা।

টকা-পইচা বেংক Balance গাড়ী ঘোঁৰা সকলো পাই।

ধনীৰ প্ৰেম,ধনীৰ প্ৰেম ৭দিনৰ পাছত কোনোবা এটা ল'জত টকাৰে কিনা বিছনাত উলংগ দেহৰ নাচোৰ বান্দা

আকৌ এবাৰ কওঁ শুন ভাই হঁত প্ৰেমত বিফল হৈ বলিয়াৰ দৰে ঘূৰি ফুৰাতকৈ জন্ম দিয়া মা-দেউতাৰ কথা এবাৰ ভাব।

ভাব এবাৰ দহ মাহ দহ দিন গৰ্ভতলৈ কি দৰে পৃথিৱীৰ পোহৰ দেখুৱাইছিলে মাতৃ সকলে 

কি দৰে আনৰ ঘৰে ঘৰে হাজিৰা  কৰি কৰি নিজ সন্তানক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল এজন পিতৃয়ে।

পিতৃ-মাতৃৰ সপোন বোৰ ভাঙি যাবলৈ নিদিবি,

এবাৰ হ'লেও ভাব চোন।
নহ'লে নিজৰ নিজৰ নাম পাহৰি আনে দিয়া নামেৰেই জীৱন কটাব লাগিব,
আনৰ হাঁহিয়তৰ পাত্ৰ হ'ব লাগিব।
তহঁতক দেখি মানুহ বোৰে হাঁহিব আৰু জোকাব ঐ চা,চা এই ফালেই আহি আছে নৈৰ পাৰৰ বলিয়া দেৱদাস
নৈৰ পাৰৰ বলিয়া দেৱদাস

📝দ্বীপ দীপাঙ্কৰ লাহন
   বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)