কৃষিভিত্তিক লোক উৎসৱ বাইখো -০২

Rinku Rajowar
0
(যোৱা সংখ্যাৰ পিছৰ পৰা)
আমি যদি লক্ষ্য কৰো তেতিয়া আমি দেখিবলৈ পাম যে দক্ষিণ পূৱ এচিয়াৰ সাংস্কৃতিক ইতিহাস আমাৰ প্ৰতিটো জাতি--জনগোষ্ঠীৰ লগত প্ৰাকৃতিক ভাবে ৰজিতা খুৱাই জীৱনৰ প্ৰত্যেকটো কৰ্মৰাজী অৱধাৰিতভাৱে পালন কৰি আহিছে | সেইটো সম্ভৱ হৈছিল একমাত্ৰ প্ৰকৃতিক সন্তুস্ত কৰিবৰ কাৰণে | জাভা , সুমাত্ৰা বালি আদি দ্বীপ সমূহত  যিবোৰ অতি প্ৰাচীন জনগোষ্ঠীৰ লোকসকলৰ লগতে মেকং , মেনাম আৰু মেপিং নদীৰ পাৰত বসবাস কৰা লেকসকলে জীৱনৰ সকলো সময় তেওঁলোকে প্ৰকৃতিৰ ওপৰতে এৰি দিছিল | পিৰকৃতি আছিল তেওঁ জীৱনদাত্ৰী মাতৃস্বৰূপা | তেওঁলোকে বিশ্বাস কৰ্ছিল যে প্ৰকৃতিৰ শক্তিয়েই হৈছে মূল শক্তি আৰু ই অনবদ্য | 
   ৰাভা জনগোষ্ঠীৰ সমাজ ব্যৱস্থাত যি সমূহ নিয়ম প্ৰচলিত আছিল সেই পূৰ্বৰ পৰা টলি আহিছিল | ৰাভা জন--জাতিৰ ভাই বন্ধু সকলে তেওঁ বিলাকৰ কৰ্মজীৱনৰ প্ৰৰণা লাভ কৰিছিল নৃত্য--গীত কৰি , আনন্দ উল্লাস কৰি , অৱসৰ বিনেদন কৰি , প্ৰকৃতিৰ লয়লাস ভংগীমা আদিৰ পৰা | আমাৰ মানৱ জীৱনৰ দুখ বিপৰ্যয় শোক হৰ্ষ  আৰ্তনাদ আদি অৱধাৰিত ঘটনা সমুহৰ জ্ঞানো প্ৰকৃতিৰ পৰাই আহৰণ কৰিছিল আৰু জীৱনৰ বাকী সময়ছোৱাত বিভিন্ন অৱস্থাত তাক ৰূপ দিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল | আগলৈ---
             
📝হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)