বেবেৰিবাং

©Admin
0
নগেনৰ চিংগাপুৰ যাত্ৰা

নেটৱৰ্ক ব্যৱসায় কৰি নগেনে ফৰেইন টুৰ এচিভ কৰিলে । তাকো এলাপচা ঠাই নহয়-একেবাৰে চিংগাপুৰ । 
নিৰ্দিষ্ট দিনত নগেন চিংগাপুৰ 
এয়াৰপৰ্টত নামিলগৈ ।  উৰাজাহাজৰ পৰা ওলাই গৈ ইফালে ইফালে চাই সি  দেখিলে- সৰু সৰু মেচিন দুটামানত মানুহে জোতা পলিচ কৰি আছে । মানুহে মেচিনটোত এটা ভৰি দিলেই জোতাপাত পলিচ হৈ যায় । তাৰ পিছত ইটো ভৰি দিলে ইপাত জোতা পলিচ হৈ যায়- কিন্তু মেচিনটোৱে ভৰিটো এৰি নিদিয়ে ।  2 পেনি মেচিনটোত ভৰাই দিলেহে ভৰিটো এৰি দিয়ে । নগেনেও জোতা পলিচ কৰিবলৈ বিচাৰিয়েই আছিল ।  2 পেনি খুচুৰা নথকাত কি কৰা যায়- সি ইফালে সিফালে চাই তাৰ পিছফালে পাকিস্তানী দুজন ৰৈ থকা দেখি যি হ'ব দেখা যাব বুলি  এটা মেচিনত তাৰ ভৰি এটা দি দিলে । পলিচ হৈ যোৱাত কাষৰ আনটো মেচিনত আনটো ভৰি দি দিলে । সেইপাতো পলিচ হৈ গ'ল । সি পইচা নিদিয়াকৈয়ে গুচি আহিল - কাৰণ  সি  মাজুলিয়াল পোৱালি - বুদ্ধিত সাত খুপ চৰা ।
   তাৰ পিছত দুটা মেচিনত দুটা পাকিস্তানীয়ে নিজৰ নিজৰ এটা এটা  ভৰি দিলে । পলিচ হ'ল কিন্তু বেচেৰাহঁতৰ ভৰি  মেচিন দুটাই এৰি নিদিয়ে নিদিয়ে । কাৰণ দুয়োটা 
মেচিনত নগেনৰ এপাত এপাত জোতাৰ হিচাব বাকী থাকি গ'ল !!!
   মৰ বাপ্পেকে পাকিস্তানীহঁত এতিয়া !!

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)