দক্ষিণ কামৰূপৰ চৌতালী নাম এক চমু অৱলোকন -০১

©Admin
0
আমি আমাৰ আগৰ লেখা দুটামানত উল্লেখ কৰিছিলো যে দক্ষিণ কামৰূপ অঞ্চলটি বিভিন্ন লোক সংস্কৃতিৰ ভৰাল সদৃশ  ৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সিচৰতি হৈ থকা লোকসংস্কৃতিৰ সমলসমূহ পথাৰখনৰ মুকুতা সদৃশ | দক্ষিণ কামৰূপৰ অতি প্ৰাচীন আৰু মনোমোহা পৰিবেশ্য কলা চৌতালী নাম এক অতি
 প্ৰাচীন লোকসংস্কৃতি ৷ এসময়ত ই অতি জনপ্ৰিয় অনুস্থান আছিল ৷ কালৰ গতিত বৰ্তমান ই লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰিছে ৷
   বৃহত্তৰ অসমৰ কামৰূপ জিলাৰ দক্ষিণ কামৰূপ এটি বিস্তৃত অঞ্চল ৷ কামৰূপ জিলাখনক মহাবাহু ব্ৰহ্মপুত্ৰই দুটা ভাগত ভাগ কৰিছে ৷ এটা উত্তৰ কামৰূপ আৰু আনটো দক্ষিণ কামৰূপ  ৷তাৰ বাবেই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰটোক দক্ষিণ কামৰূপ বুলি জনা যায় | ইংৰাজ পণ্ডিত হেমিলণ্টনে এই অঞ্চলটোক দখিণ কোল আখ্যা দিছে | কিছু কিছু লোকে ইয়াক দখিণ কুল বুলিও অভিহিত কৰে 
গুৱাহাটী মহানগৰীক বাদ দি পূবে ধাৰাপুৰৰপৰা পশ্চিমে নগৰবেৰালৈ আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পৰা দক্ষিণে মেঘালয় ৰাজ্যৰ সীমান্তবৰ্তী পাহাৰীয়া অঞ্চললৈকে আগুৰা বিশাল ভৌগলিক ভুখণ্ডক দক্ষিণ
 কামৰূপ বুলি জনা যায় ৷ওজাপালি ,ঢুলিয়া , কালিয়া ,পুতলানাচ ,দেওধনী নাচ ,(জঁকি) নাওখেল সুঁৱৰী , দধিমন্থন ,জেজেৰা ,মহো-হো , মল্লযুঁজ (হুদু-গুদু) , হাতীদৌৰ  আদি অনেক পৰম্পৰাগত  প্ৰাচীন লোক-কৃষ্টিৰে দক্ষিণ কামৰূপৰ পথাৰখন চহকী  ৷
    কবলৈ বেয়া লাগে আৰু অতি পৰিতাপৰ কথা যে ইমান গুৰুত্বপূৰ্ণ অথচ প্ৰাচীন লোক পৰিবেশ্য কলা চৌতালী নামবিধৰ কোনো লিখিত তথ্য পাবলৈ নাই ৷ কিন্তু এই ক্ষেত্ৰত পাৰদৰ্শী , বিজ্ঞ লোকৰ ওচৰলৈ গৈ তাৰ পৰা পোৱা তথ্যমতে এই চৌতালী নামবিধ দ্ৰুত , বিলম্বিত ,মধ্য ,আৰু অনুদ্ৰুত এই চাৰিতাল বা ঘাটৰ লগত আলী প্ৰত্যয় যোগ হৈ চৌতালী শব্দটো নিস্পন্ন হৈছে ৷ আকৌ কিছুমান লোকৰমতে তবলা বাদ্যৰ চৌতাল সদৃশ তালৰ ব্যৱহাৰৰ এই নামটোও নাগাৰা , তাল ,সুৰ ,লয় এই চাৰিটা তালযুক্ত হোৱা বাবে চৌতালী হোৱা বুলি কব খোজে ৷
আগলৈ••

    📝হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)