হৃদয়ৰ অসুখ

©Admin
0

তুমিয়েইতো কৈছিলা পলাশ
পূৰ্ণতাৰ পৰা শূন্য হোৱাৰ দুখত কিমান যন্ত্ৰণা
এতিয়া চোন তুমিয়েই
হৃদয়ৰ দুৱাৰখন বন্ধ কৰিলা।

হেঁপাহৰ পদুলিত আবেগেৰে 
অগাদেৱা কৰিছিলোঁ 
তুমি দেখোন দুৱাৰখনেৰে বন্ধ কৰি থলা।
বিয়পাই এজাক মিঠা সমীৰণ 
সজীব কৰিছিলা দেহ -মন।
কিন্তু...
কিন্তু ..হঠাৎ কি-বা হ'ল?
শীতৰ প্ৰকোপত সৰি ৰ'ল হৃদয়ৰ সেউজীয়া বোৰ।
 মোৰ ভঙা কলিজাত আকৌ জগাই  দিলা 
ৰক্ত শিহৰণ।
হৃদয়ত বোৱাই বিষাদৰ বতাহ তুমি আতৰি গ'লা ৷

এতিয়া মোৰ হৃদয়ৰ অসুখ 
খবৰ জানো কৰিছা ?
তুমি এজোপা নিথৰ নাহৰ হৈ চাই আছা মোৰ বিষাদগ্ৰস্ত মনটো
সময়ৰ সন্ধিক্ষণত তুমিয়েই চুক্তি কৰিছিলা ।

এতিয়া হৃদয় ছাঁয়াচ্ছন 
বিষাক্ত হৈ পৰিছে মন 
থাকিম মাথোঁ তোমাৰ অপেক্ষাত প্ৰতি পল।
মধুৰ স্মৃতিবোৰ সুঁৱৰি  
সময়ৰ সোঁতত এৰি দিম অশান্ত মনটোক 

অসময়ে কৰিছে গধুৰ মোৰ স্বপ্নৰ বাট 
বৰষুণ জাকত তিতি মনটো 
অনাকাংক্ষিত সন্ধিয়াত কঁপি উঠে।

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)