ড° লীলা গগৈৰ "অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা " শীৰ্ষক গ্ৰন্থখন "অসমীয়া লোক-সাহিত্যৰ এক অমূল্য সম্পদস্বৰূপ "

©Admin
0
 ড° লীলা গগৈৰ "অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা" শীৰ্ষক গ্ৰন্থখন পঢ়ি এটা কথা স্পষ্টৰূপত ব্যক্ত কৰিব পাৰি যে- অসমীয়া লোক সাহিত্য অসমীয়া সাহিত্যৰ ভঁৰালত যিদৰে মাণিকী-মধুৰী জহা হৈ খুন্দ খাই আছে ঠিক তেনেকৈ সৃষ্টিৰ গৰ্ভত লুপ্ত হ'ব খোজা বহুখিনি অসমীয়া লোক-সাহিত্য গ্ৰন্থখনত লিপিবদ্ধ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।দৰাচলতে অসমীয়া লোক-সাহিত্যৰ ই এক জীৱন্ত দলিলস্বৰূপ।
     লোক-সাহিত্য লোক- বিশ্বাসৰ প্ৰতিচ্ছবি।লোক- জীৱনৰ পৰম্পৰা আৰু অভিজ্ঞতাই লোক-বিশ্বাসৰ সৃষ্টি কৰে,যিয়ে লোক- সাহিত্যৰ বাট প্ৰশস্ত কৰে।  ব্যক্তিৰ নিভাঁজ মনৰ মধুৰ চিন্তাৰাজিৰ মুক্ত বহি:প্ৰকাশেই হ'ল লোক- সাহিত্য।লোক-সাহিত্য যে লোক-জীৱনৰ ইতিহাস আৰু লোক-মানসৰ উজ্জ্বল প্ৰতিকৃতি- পুথিখন পঢ়িলেই স্পষ্ট হৈ পৰে।তথাকথিত সভ্যতাৰ অগ্ৰগতিত বৈজ্ঞানিক যুগৰ আধুনিক নগৰমুখী যান্ত্ৰিকতাৰ সতে খোজ দিওঁতে লোক-সাহিত্যক একাষৰীয়া কৰি নতুনত্বৰ সোৱাদ লোৱাহে পৰিলক্ষিত হয়।এনেদৰে হেৰাই যাব খোজা দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা লোক- কথা,লোক- বিশ্বাস,পৰম্পৰা,বিভিন্ন গীত যেনে-বিহুনাম,ধাইনাম,বিয়ানাম,ল'ৰা-ধেমালিৰ গীত,টোকাৰী নাম,দেহবিচাৰৰ গীত,আইনাম,লখিমী সবাহৰ নাম,ভেকুলী-বিয়াৰ নাম,নাওখেলৰ গীত,সদাশিৱৰ নাম,বৃন্দাবনী নাম,মহো-হো বা মহখেদা গীত,জুনা,বাৰমাহী গীত,বনঘোষা,নাহৰৰ গীত,মালিতা-বেলাড,চিকণ-সৰিয়হৰ গীত,মণিৰাম দেৱানৰ গীত,বৰফুকনৰ গীত,জনা গাভৰুৰ গীত,মণিকোঁৱৰ-ফুলকোঁৱৰৰ মালিতা,বিবিধ মালিতা,মন্ত্ৰ-সাহিত্য,ফকৰা-যোজনা,সাঁথৰ,সাধুকথা আদি সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে গ্ৰন্থখনত।তথাপি গ্ৰন্থখনত অধিক বহুলভাৱে আৰু কিছু অন্তৰ্ভূক্ত কৰাৰ অৱকাশ আছে,যেনে-ধৰ্ম সম্বন্ধীয়,জীৱ-জন্তু সম্বন্ধীয়,কৃষি-সম্বন্ধীয় লোক বিশ্বাস(শিল পূজা,বৃক্ষ পূজা,প্ৰকৃতি পূজা আদি)।সেইসমূহ বিষয় ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ "অসমৰ লোক-সংস্কৃতি" নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে।যি কি নহওক, গ্ৰন্থখনে 'অসমীয়া লোক-সাহিত্যৰ এক অমূল্য সম্পদ' হিচাপে সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে,আৰু কৰি থাকিব চিৰ প্ৰৱাহমান গতিত।

   📝উত্তম লইং    
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)