ভাবিব জনা নাছিলোঁ।
দৌৰা বয়সত বতাহ বুলি ভাবিছিলো।
উমলা পলত কুঁহিয়া ফেণৰ সোৱাদ বুলি।
তেতিয়াও দৌৰিয়ে আছিলোঁ মাথোঁ অনুভৱ নাছিল মনত।
মনৰ দৌৰ বোৰ বেগ কমা নাছিল,
কোনোটো সন্ধিয়া ত, কোনোটো পাহৰিব ধৰা মাতাল ৰাতিত।
এদিন মা দুচকুত সুধি লো,
জীৱন কি?
দুচকুত বাই আছিল অলেখ তৃষ্ণা।
দুবাহুত ভাৰিব নোৱাৰা সাগৰ ঢৌ।
মা দুচকুৰ উত্তৰ বোৰ তেনে নাছিল...
এটা এটা পোহৰৰ শেষত আমি সপোন দেখো
সেইয়া আমি এটা সপোনৰ বাবে এটা দিন জীয়াই আছোঁ।
মৃত্যু হোৱা ভয়ত আজি দিনটোৰ শেষত কাইলৈ কি কৰিম, মাজ ৰাতি বিচনা ত ভাবোঁ,
চোৱা আৰু এটা দিন জীয়াই আছোঁ।
এনেকৈ জীৱনে বৰনৈ সোঁতৰ ঢৌ হয়।
নীৰৱতাত বতাহে স্বাধীন হয়,
আৰু
মন আৰু হৃদয় ৰে কথা পাতে প্ৰতিটো দিনৰ শেষত
তোমাৰ জীৱনক জীয়াই ৰখা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ