ধৰাৰ বৃষ্টি টানি আজুৰি
সেউজীয়া পথাৰ
প্ৰাণময় কৰিবলৈ ।
খেতিয়কৰ সপোন
শাওণৰ পথাৰ
গৰ্ভৱতী কৰাৰ ।
পূৰ্ণোদ্যমে শাওণৰ পথাৰ
ধাৰাসাৰ বৃষ্টিৰ মাজত
বোকাময় কৰি তোলে
অযুত আশা সিঁচাৰ হেপাহঁত ।
নাঙলৰ খললপ চললপ শব্দত
পথাৰ উথলি উঠে,
বোকাময় পথাৰত
জাক - জাক ৰোৱনী
জাক- জাক গাভৰুৱে
শাৰী পাতি
ৰোৱে সেউজী কঠীয়াৰ বীজ
পথাৰ শুৱনি কৰি ।
শাওণ মানেই
ডৰা ভৰা
কঠীয়াৰ পথাৰ ।
চালেই চকু ৰয়
অসমীৰ অসীম পথাৰবােৰ ।
শাওণ যেন
শালি ৰুৱা উৎসৱ ।
শাওণ, তুমি শক্তিশালী
শাওণেই জীয়াই থকাৰ
সপোন সিঁচে ।
খেতিয়কৰ
দুগালৰ ঘামেও দুখ নকৰে,
যেতিয়া
শাওণৰ সেউজীয়াই
হালি জালি নাচে,
সাফল্যৰ হাঁহি মাৰে
কৃষকে কৃষকে ॥
শাওণ আমাৰ
জীয়াই থকাৰ দাপোণ ॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ