হাঁহি

©Admin
0

দুখবোৰ 
শামুকৰ দৰেই
তোৰ খোলাৰ ভিতৰত 
 নিজকে আৱদ্ধ কৰে

তোৰ প্ৰতিশব্দতেই
নিজৰ ৰং সলাই
এচামে পিন্ধে মুখা

তোৰ আৰঁতেই 
অন্তনিৰ্হিত 
কত ক্ৰন্দনৰ টোপাল

তোৰ প্ৰহেলিকাৰ আচঁলত
কত অন্ধকাৰৰ চিঞৰ

তাৰ পিছতো তোৰ কামনাতেই
কঢ়িয়াই জীৱন
তোৰ বুকুতেই অনুসন্ধান কৰে
জীৱনৰ সাৰ্থকতা।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)