চেঁচা বতাহজাক

©Admin
0
মনত আছেনে?
সিদিনা যে চেঁচা বতাহজাকে
বাউলি কৰিব খুজিছিল
তোমাাৰ ক’লা চুলিটাৰি!
পাখি মেলি উৰি যাব খুজিছিল
খিৰিকীৰ নীলা পৰ্দা দুখন,
দূৰৰ পৰা ভাঁহি আহিছিল
এটি কোমল সুৰ!
সেয়াতো আজি ভাগি যোৱা এটি সপোন মাথোঁ৷
নাজানো,
তোমাক আকৌ লগ 
পামনে নাই!
তথাপিও বাট চাই থাকিম,
তুমি উভতি আহিবা বুলি
এছাটি চেঁচা বতাহ লৈ৷


📝জোনাক নিবিড় বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)