আওৰাইছিলো বহুবাৰ
চেকনিৰ আগৰ বিদ্যা
থাকি গ'ল আজিও
জিভাৰ আগত
এঘাৰ এঘাৰং
এশ একৈশ
বিছ বিছং চাৰিশ |
শুই থকা জনক
নজগাবা , সাৰ পালে
কুম্ভ কৰ্ণ হৈ বিপদো
ঘটাব পাৰে |
টিক্ টিক্ ঘড়ীয়ে
সময় আগুৱাই নিছে
আমি পিছুৱাই গৈছো
এই জগোৱাৰ বাবে
তাহানিতেই
কোনে জানো কৈছিল
সিহঁত শুইছে-শুবলৈ দিয়া
এতিয়া নজগাবা
নুশুনাৰ ফল
এয়া ভূগিছো আমি ||
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ