মই বাৰাণ্ডাত থকা
চকী এখনত বহি
আবেলিৰ প্ৰকৃতিৰ
সৌন্দৰ্য বোৰলৈ
চাই আছিলো
বেলি লহিওৱাৰ পৰত।
দেখিছিলো ওখ ওখ কেইজোপামান
তামোল গছৰ
পাতবোৰ বতাহত
লৰিছিল।
দেখিছিলোঁ আবেলিৰ
সোণবৰণীয়া ৰদত
জিলিকি উঠিছে সেইবোৰ।
সেন্দুৰীয়া ৰদ ৰ ফাকু যেন
প্ৰকৃতিয়ে গাতে এছাটি
সানি দিছিল।
দেখিছিলোঁ তামোল গছ কেইজোপাত
টুকুৰা চৰাই দুটিয়ে
বাঁহ সাজি আছিল।
আকাশত জাকে জাকে
শুদ্ধ বগলীয়ে
বেলিটিৰ ফালে
উৰি গৈছিল।
বৰ মনোৰম
সেই দৃশ্যটি।
ৰাস্তাৰ কাষত থকা
আঁহত গছৰ পাতবোৰে
নৃত্য কৰিছিল
বতাহৰ লগত।
দেখিছিলোঁ পূৰ্ব দিশৰ আকাশত
সাত ৰঙী ৰামধেনুৰ মাজেৰে
কেইটামান শুদ্ধ বগলী
উৰি আহিছিল।
এনে ভাৱ হৈছিল
যেন অচ্যুতৰ আদেশত
পাৰ্থই কৌৰৱ সবলৈ
আতৈন্তৰ শৰ এৰিছে।
লাহে লাহে বেলিটিও
পাহাৰৰ দাঁতিত
সোমাই পৰিছিল।
বসুন্ধৰালৈও আন্ধাৰ নামি আহিছিল।
কিছুসময়ৰ পিছত
শুনিবলৈ পাইছিলোঁ
শঙ্খ,ডবা ৰ ধ্বনি।।
যেন কুৰুক্ষেত্ৰৰ মহা ৰণত
পিতামহ ভীষ্মৰ মৃত্যুৰ পাছত
যুদ্ধৰ সমাপ্তিৰ সংকটৰ ধ্বনি।
কিছু সময় পাৰহৈ গল
এতিয়া পৰিৱেশ নিস্তব্ধ
নীৰৱে চাই ৰলো
সেই দৃশ্যটি লৈ।।
📝নাৰায়ণ বৰা
লংকা কাকী ৩
জিলা:হোজাই(অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ