নীৰৱ জনতা

©Admin
0
এতিয়া জাগ্ৰত প্ৰহৰী হৈ
সাৰে আছে ইটাৰ দেৱাল ।
নিশাৰ ভাগত
যেতিয়া পৃথিৱী শুৱে ।
পাহৰি যোৱা নাই মই
বিপদগ্ৰস্ত এই পৃথিৱী
বাঞ্ছনীয় বোৰ এতিয়া 
নাপাওঁ কিজানি৷
নৈঃশব্দ্য অৱস্থা
অমানিশা সাৰে থাকে,
জনতাৰ ইটাৰ দেৱাল ।
স্পন্দনহীন এতিয়া পৃথিৱী ।
এই পৃথিৱীত এতিয়া
আমি বোৰ প্ৰতিদ্বন্দ্বী ।
নীৰৱ হৈ
ভৎৰ্সনা নকৰাকৈ
যদিও ধূলিসাৎ মিহলি হৈ
যাওঁ দিবাৰাত্ৰী ।
তথাপি তেজোদ্দীপ্তৰে
উচ্ছল কৰিম
এতিয়া পৃথিৱীত আমি বোৰ
কেৱল নীৰৱ অৱস্থাত
     প্ৰতিদ্বন্দ্বী।
 
 📝বিনিতা বৰা
     হোজাই জিলা
     লংকা (কাকী-3)
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)