বিভাজন

Rinku Rajowar
0
জীৱনৰ আধা ৰাতি তোমাৰ
আধা ৰাতি মোৰ

সপোন পিয়াসী মৌ মিঠা ভাৱনাবোৰ তোমাৰ,
দুঃস্বপ্নবোৰ মোৰ

ঐনিতমৰ মোহনীয়া সুৰীয়া কন্ঠবোৰ তোমাৰ,
মাজৰাতিৰ নিজম পৰৰ গৰখীয়াৰ বিষাদ বাহীঁৰ সুৰবোৰ মোৰ।

মাজৰাতিৰ কুলি কেতেকীৰ আকুল বিননিবোৰ তোমাৰ,
নিদ্ৰাহীনতাৰ ফেঁচাৰ কুৰুলিৰ ৰাতিবোৰ মোৰ।

বুকুৰ জীপাল সেউজীয়াবোৰ তোমাৰ,
শুকান সৰাপাতবোৰ মোৰ

পূৰ্ণিমাৰ ফৰকাল আকাশখন তোমাৰ,
অমাৱস্যাৰ অৰ্ধনগ্ন আঁউসীৰ জোনটো মোৰ

জীৱনৰ আঁছুফুলীয়া সুখবোৰ তোমাৰ,
প্ৰিয় দুখবোৰ মোৰ

এইয়া তোমাৰ আৰু মোৰ  বিচ্ছেদৰ পিছৰ দুখন ছবি
অথবা দুটা পৃথক যাত্ৰা,জীৱনৰ…।

 📝 উত্তম লইং
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)