ফাগুন আহি সিঁচি গ'ল পলাশ-মদাৰৰ ৰং
চ' তৰ শুকান বতৰত ধৰাখনি শুকাল
বিৰিখৰ গুটিও লুকাল...
ব'হাগ আহি সাজি দিলে দুখৰ সমাধি
পদুলিত ফুলি ৰ'ল হেঁপাহৰ কপৌপাহি
ৰ'লাগি চাই থাকিল নাহৰ-তগৰে।
ব'হাগৰ ভৰ দুপৰীয়া ডেকা গাভৰুৰ মনবোৰ
সেমেকি উঠিল...!!
ডেকা-বুঢ়াৰ মনবোৰ ঘৰতে আবদ্ধ হৈ
আঁকি দিলে আতংকৰ ছবি।
যৌৱনৰ প্ৰাচুৰ্যত গাভৰুজাকৰ
খিলখিলনি ক'তেনো হেৰাল...??
গছ- লতিকাৰ আহ্বানত সেউজী ধৰণী
আইৰ হে আজি অসুখ ।
মনবোৰ সেমেকি উঠিল...
হেঁপাহ বোৰ মৰহি গ'ল
আশাবোৰ থমকি ৰ’ল সময়ৰ সতে
ভাবনাবোৰক হেঁচা মাৰি ধৰিলে।
জেঠৰ ৰিমঝিম বৰষুণে নুপুৰ বজাই
তুলিব খোজে হিয়াত খলকনি ...
আবেগ বিহ্বল দুচকুৰ আগেদি
ডায়েৰীৰ পৃষ্ঠা লুটিয়াই সময়ে বাগৰ মাৰে
কোনোবাফালে।
মধুৰ সম্পৰ্ক বোৰতো ঘূণে ধৰিছে
সেয়েহে প্ৰভাতে প্ৰভাতে
পক্ষীৰ কাকলিৰ সাৰ পাই উঠে
মোৰ অশান্ত মন...।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ