খবৰটো আহিল

Rinku Rajowar
0
        আকাশী পথেৰে
    খবৰটো আহিল
   হাৰাঘাটৰ পৰা
   এচালনী পানী আনি
   পদুলীটো ধুব লগে  |
  
   গধুলী পৰত পূব মুৰত
   বজাব লাগিব ডবা
   শাকত লোণ নেখালে
   পিতিকাত আধ্যা পৰে  |

   সঁচা বাতৰিও উৰে
   উৰা বাতৰি
   পিয়াপি দি ফুৰে  |

  হাৰাঘাটে এতিয়াও উচুপে
  বহু বাতৰি বাতৰি
  হৈয়ে ৰ'ল
  পানী আনিবলৈ
  চালনীও বোৱা নহ'ল  |
 পদুলীটো পৰিস্কাৰ নহল
 হা হুমুনিয়া
 কাঢ়ি কাঢ়ি
 অতীত সুঁৱৰি থাকিল   |

  চালনীৰে পানী 
  কোনে আনিব
  পাকৈতজন বিচৰাৰ
  খবৰটো কাকো দিয়া নহ'ল  |

  📝 হেমেন হাজৰিকা ,মিৰ্জা  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)