প্ৰেম

©Admin
0
         প্ৰেম হল জীৱনৰ সৰ্বশ্ৰেষ্ঠ আশীৰ্বাদ
"প্ৰেমৰ আনন্দ থাকে,শুধু এটি ক্ষণ
প্রেমৰ বেদনা থাকে সমস্ত জীৱন"
প্ৰেমৰ আনন্দ অস্থায়ী,বেদনা সুদূৰপ্ৰসাৰী।
         প্ৰেমত সুখতকৈ দুখৰ অস্তিত্ব বহুত বেছি।প্ৰেম অন্ধ।জাত পাত,ছাল ৰঙৰ প্ৰভেদ একো নামানে,প্রকৃত প্ৰেমে।প্ৰিয়জনক কেৱল নিজৰ কৰি লোৱাৰ গোপন বাসনাত ব্যকুল হৈ থাকে পৰস্পৰে।নামানে কোনো বাধা,সামাজিক বান্ধোনৰ প্ৰশ্নই নাহে হৃদয়ৰ প্রেমত।দুখন হৃদয় একাকাৰ হৈ উটি ভাঁহি যাব খোজে মাথো আবেগৰ সাগৰত।
         মোৰ মতে-"প্ৰেমৰ মুক্ত বিহংগক দ্ৰম্পতৰে(বিবাহৰ যোগেদি) খাঁচাই আবদ্ধ কৰিলে তাৰ অপমৃততো ঘটে।" ইটোৱে সিটোক ভালপোৱা,কিন্তু প্ৰেমক বন্ধন কৰি নলব।প্ৰেমৰ বিষয়ে এয়ে পৰম সত্য যে বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দত কৈও অধিক মূল্যবান।
         নাৰীক বাদ দি মানৱ সমাজৰ অস্তিত্য কেতিয়াও কল্পনা কৰিব নোৱাৰি।নাৰীৰ প্ৰেম আৰু সৌন্দৰ্য পুৰুষৰ বাবে প্ৰেৰণা,জীয়াই থকাৰ সঞ্জীৱনী সুধা।এটা আকৰ্ষণীয় নাৰীদেহ সৌন্দৰ্যৰ প্ৰতীক।সেই সৌন্দৰ্য একোটা জীৱন্ত শিল্প।নাৰী সৌন্দৰ্যৰ প্ৰতিমূৰ্তি।নাৰীৰ সৌন্দৰ্য অনন্য।নাৰীৰ সৌন্দৰ্য্যই যাৰ হৃদয় গলাব নোৱাৰে,সি মাটিৰ বুদ্ধ নহয়,কাঠৰ বুদ্ধ বা শিলৰ বুদ্ধও নহয়।
         হে নাৰী,তুমি কি সৌন্দৰ্যৰ প্ৰতিমূৰ্তি।তোমাৰ কোমল কোমল পৰশত, জেতুকাবুলিয়া হাতৰ মৰমসনা বুলনিত,তোমাৰ মনপৰশ। মমতাৰ আলিংগনত পাশানো মমৰ দৰে গলি যায়।।


📝বিনিতা বৰা
হোজাই জিলা
লংকা কাকী-3

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)