মই বাস্তৱ সন্ধানী কবি

©Admin
0
কল্পনাৰ নৈৰাজ্য মােৰ নাই ,
আজি আমি কোন দিশে গতি কৰিছাে ,
ভাবিছানে তুমি ।

আজি প্লাষ্টিকৰ দলিচাত - পৃথিবীৰ সুখ ।
দুবৰিৰ দলিচাত -পৃথিৱীৰ দুখ ।

দুবৰি বনত জনম লৈ
কংক্ৰিতৰ পৃথিৱীত লাহ-বিলাহ ।

কিমান কৰিবা মানৱ হিংসা ?
হিংসাতেই জীৱন শেষ, তোমাৰ ।

মানৱীয়তাৰ নাম - দুৰ্ব্বলতা ।
হিংস্ৰতাৰ নাম - সাহস ।

ভাৱাচােন এবাৰ হিংসা পৰিহাৰ কৰো ।
সকলোৱে বুজাচােন এবাৰ হলেও ।
 
ধৰ্মক কবৰ দিচা 
অধৰ্মক জীয়াই ৰাখিছা ।

বিষবাস্পৰ ধোৱাই চানিধৰা পৃথিৱীত
ভগ্নীৰ চাদৰ দলিয়াই দিছে ।

পৃথিৱীয়ে কিমান সহিব এই অন্যায় ।
পৃথিৱী খঙত কম্পমান হলে ,
এদিন ধুলিসাৎ কৰি দিব এই ধৰা ।

কৃত্রিম মৰমবােৰ  ক্ষন্তেকীয়া
সচাঁ  যুগমীয়া মৰমেহে
পৃথিৱীৰ হাঁহি আনিব ।

আহা, আমি এখন সুস্থ পৃথিৱী গঢ়াে ।
আহা সমাজ, পৃথিৱীৰ হাঁহি  আনিবলৈ প্ৰয়াস কৰো  ।
আহক, আমি বাস্তৱক  বিচাৰি যাওঁ ।

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)