জ্যোতিপ্ৰসাদৰ " জয়মতী "খণ্ড - ০১

©Admin
0

১৯১৫ চনত আৰম্ভ হয় বিশ্বৰ চিনেমা জগত ৷আমেৰিকাৰ ডেভিদ ৱাৰ্থ গ্ৰিফিডে নিৰ্মাণ কৰা " দি ৱাৰ্থ অফ এ নেচন " নামৰ ছবিখনে চিনেমা জগতৰ আৰম্ভণি ৷ ১৯২০ চনক পাছত ইংলেণ্ড , অষ্ট্ৰেলিয়া, কানাডা আদি দেশত অসংখ্য চিনেমা আৰম্ভ হয় ৷

১৯৩১ চনত প্ৰথম ভাৰতীয় অবাক চিত্ৰ " আলম আৰা "মুক্তি লাভ কৰে ৷ ১৯৩২ চনত বাংলা ভাষাত " চণ্ডীদাস " নামৰ চিনেমাখনে মুক্তি লাভ কৰে ৷

১৯৩৫ চনত মুক্তি লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ " জয়মতী " আছিল আঞ্চলিক ভাষাৰ  পঞ্চমখন ভাৰতীয় কথাছবি ৷ সেইসময়ত এখন কথাছবি নিৰ্মাণ কৰাটো অতি সহজ সাধ্য নাছিল ৷

প্ৰথমটো নাৰী চৰিত্ৰৰ বাবে বহুতো কষ্ট কৰিবলগা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ অৰ্থৰ লগতে সামাজিক পৰিৱেশও কিছু সমস্যাত পেলাইছিল ৷ জয়মতী নিৰ্মাণৰ সময়ত অসমীয়া সময়ত অসমীয়া ছোৱালীয়ে চিনেমা কৰাটো বাদেই ৰংগমঞ্চত ভৰি দিয়াটো অসম্ভৱ আছিল ৷ তথাপিও জয়মতীৰ নাম ভূমিকাৰ বাবে এগৰাকী সুন্দৰী যুৱতী বিচাৰি চলাথ কৰিব লগা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷


📝মহেন শইকীয়া 

প্ৰধান শিক্ষক নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)