নাৰী নিৰ্য্যাতন

©Admin
0
মই যাৱ নোৱাৰিলেওঁ
মোৰ সত্বাক পথিয়াই দিওঁ,
যাচােন যা তই চাই আহ,
মােৰ দেশৰ মাটিৰ
চুকে কোণে,
নাৰী  সকলৰ খৱৰ 
আনি দে ।
নাৰীৰ বিড়ম্বনা
কেনেকৈ আছে তেওঁলোক
এনকৈ কিমান থাকিম চাই
নাৰী নিৰ্য্যাতন ।

নাৰী সকল-
নিৰ্য্যাতন
সহি থকাতোও পাপ ।

নিৰ্য্যাতন মানসিক বা শাৰিৰীকো
হব পাৰে ।
অন্ধবিশ্বাসৰ গোলামীৰে নিৰ্য্যাতন
নাৰীক পণ্য কৰি নিৰ্য্যাতন
নাৰীক ভৃত্য কৰি নিৰ্য্যাতন
এলান্ধুকলীয়া ৰীতিবােৰ
জাপি জাপি
কোঙা কৰি নিৰ্য্যাতন ।

মােৰ দেশৰ নাৰী
নাথাকিবা শুই
অন্যায়ৰ হকে মাত মাতিবা ।

সতীদাহ প্ৰথা আজি কবৰ হল !!
তেনেদৰে  বোৱাৰীক ভৃত্য 
সজোৱা বন্ধ কৰা ।

আজিও আছে
দেশে - প্ৰদেশে 
এইখন ভাৰততে।
য'ত  নাৰীয়ে কাপোৰ পিন্ধিলে দোষণীয় বুলি গণ্য কৰা ৰীতি প্ৰচলিত !!!!
যদিহে কাপোৰ পিন্ধে
নাৰীয়ে 'টেক্স' দিব লাগে !!!
সেই টেক্স সেই ঠাইৰ মূৰব্বীয়ে লয়
শুনি আচৰিত হবা-"স্তন টেক্স"
নাৰী নিৰ্য্যাতন চলি আছে !!!!!


নাৰী জাতি জাগা
নসহিবা কোনো অন্যায় অত্যাচাৰ ॥

ৰীতি  - ৰীতি - ৰীতি
কিহৰ ৰীতি ?
ছোৱালীৰ গন্ধৰ্ব বিবাহ হলে
গা-ধনৰ নামত পিতৃয়ে টকা লয়
স্বামী গৃহৰ পৰা, 
তেনে আওকলীয়া ৰীতিক দলিয়াই দিয়া ।

বহু দুখৰ কাহিনী
সিচঁৰতি হৈ আছে
য'ত নাৰীয়ে অন্যায়ৰ বিৰূদ্ধে
মাত মাতিব নোঁৱাৰে,
নিজ গৃহতে হয় যৌন
অত্যাচাৰ - তাতকৈ বিড়ম্বনা আৰু কত???

মােৰ দেশৰ নাৰী,
নাৰী জাতিক উদ্ধাৰৰ বাবে
আগবাঢ়ি আহা ।
শিক্ষা শক্তি জ্ঞানেৰে
দেশক বচােৱা 
মােৰ দেশৰ নাৰী ওলাই আহা ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)