মনত আশাৰ বন্তি জ্বলাই
হিয়াৰ ইচ্ছা মাথোঁ
কিবা এটা কৰিবলৈ
সূৰ্য্যৰ যেন পোহৰ নাই মোৰ
তথাপিও জগতক
আলোকিত কৰিম
লক্ষ্যপথৰ বাধা নেওচি
যাওঁ মই আগবাঢ়ি
মই সেই মাটিৰ বৃক্ষ নহও
যাক নদীয়ে সিঁচিছে
মৰুভূমিত জন্মি
নিজ শক্তিৰে হৈছো শ্ৰীবৃদ্ধি
শিলত মোৰ জীৱন গাঁথা লিখিম
কাহানিও কোনেও মচিব নোৱাৰে
এই জগতৰ সিমান সাহস নাই
যিমান মোৰ সাহস আছে
জনঅৰণ্যৰ কিৰিলিতো
মোৰ মাত স্পষ্ট
মোৰ চিন্তা সাগৰতকৈও গভীৰ
কোনে সলাব পাৰে মোৰ অভ্যাস
ঠেলা মাৰিব কোনে মোক
পিছলি পিছলি পৰি পৰি
আকৌ উঠিব জানো মই
দুখ যান্ত্ৰণাই যিমানেই
আগুছি ধৰিব মোক
সিমানেই আত্মাবলৱান হম মই
জীৱন সংগ্ৰামৰ অগ্নিত তাপিত
মুল্যবান সোণ ৰূপে জিলিকিম মই ৷৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ