দিহিং পাৰৰ বালি চাপৰিত মই অকলেসৰে বহিছো
নদীৰ বুকুত ধীৰে ধীৰে বৈ যোৱা পানীবোৰে হাঁহিছে
মৃত্যুয়ে বাৰু মোক চাই আছে নেকি ?
বিৰিণাৰ মাজৰ ওখ ওখ শিমলুবোৰে মোক কিবা ক'ব খুজিছে ,
মৃত্যুয়ে বাৰু মোক মাতিছে নেকি ?
জীৱবোৰ মৰিলে ঠৰঙা হয় ৷
মই যেতিয়া মৰিম
ওহোঁ মই মৰিম জানো ?
মোক তুমি জানো জীয়াই নাৰাখিবা?
মৰিবলৈ জানো এৰি দিবা ?
মই মৰিব নোখোজো ।
জীয়াই থাকিব খোজো
তোমাৰ বুকুৰ মাজত
তোমাৰ জীৱনৰ ৰঙীন বেটুপাতত।
পাহৰি নাযাবা ৷
জীৱন ৰঙীন কৰা
ৰঙৰ ফাকু খেলা ৷
নিস্প্ৰাণ মনক জীপ কৰা
তোমাৰ আকুল আহ্বানে ।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ