প্ৰকৃতিৰ লীলাত বিমোহিত হৈ

©Admin
0
প্ৰকৃতিৰ লীলাত বিমোহিত হৈ
মই, মোৰ জীৱাত্মা তাতেই আহিছোঁ এৰি থৈ।

এফালে বৰফে সমাবৃত গিৰীন্দ্ৰ হিমালয়
আৰু ডাৱৰৰ লুকা-ভাকু 
আকৌ,
আনফালে কুঁৱলীৰ শুভ্ৰ চাদৰ পৰিধান কৰা মোহনীয় সেউজ বননি
আৰু সৰু-ডাঙৰ জান-জুৰিৰ মধুৰ সুৰৰ লহৰ।

প্ৰকৃতিৰ লীলাত বিমোহিত হৈ
মই, মোৰ জীৱাত্মা তাতেই আহিছোঁ এৰি থৈ।


✍️জ্যোতিপ্ৰসাদ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)