পলে -অনুপলে
ভয় এটাই
খেদি ফুৰে ৷
য'তেই মই
ততেই ভয় ৷
ভুৰুং কৈ
উৰি আহে বুকুলৈ
দাঁতকিটা সিৰসিৰাই ৷
ধক্ ধক্ কৈ
বুকুৰ তেজ
গোট মাৰে ৷
ভয়টোৱে
আকাশখন চানি ধৰে
ইচাট--- বিচাট ৷
জাকৈয়া ছোৱালীৰ বুকুত
সোমাই পৰে ভয়টো
ক্ষন্তেকলৈ মনটো
মুকলি হয় ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ