প্ৰথমে সপোন বিলাকে
হয়তো আকাশত চাং পাতিছিল
কেতিয়াবা দীঘল নেজীয়া চিলাৰ দৰে
আকাশৰ বহু ওপৰত উৰিছিল ।
সকলো ব্ৰজপাতত
সপোনবোৰ আছিল প্ৰতিক্ৰিয়াহীন
তাৰ মাজতো আছিল
দুটা আশাৰ গজালি ।
বহু দিন পিছত হঠাৎ
সপোনৰ বিস্ফোৰণ
আকাশখন ছাই হৈ যেন
কলহৰ কাণে ঢলা ক'লা বৰষুণ
মোৰ সমস্ত সত্তা আজি জৰ্জৰিত ।
উশাহ লোৱাৰ তাড়নাত
মাজত এতিয়া এখন ঝিলম
সিপাৰে দুঃস্বপ্নাতীত এটা স্নেপশ্বট আৰু দুটি ভৱিষ্যতৰ কালখণ্ড
ইপাৰে এখন বিধস্ত টুলুঙা নাও
মুঠিত এডাল জোৰা দিয়া ভগা বঠা ।
নদীৰ ধূসৰ বাটত বিয়লিৰ যাত্ৰা
নিশা হ'লেই টুলুঙা নাৱতে
সাৰ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে
নিঃপালি দি শুই থাকিম
আৰু পৃথিবীৰ পৰা
বহু দূৰ বহু দূৰ বহু দূৰ
সোণাৰু ফুলীয়া দেশৰ
মোৰ নিগাজী পামত সাৰ পামগৈ ।
📝সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ